অসম

assam

ETV Bharat / bharat

তামিলনাডুৰ দম্পতীয়ে ৬২ হাজাৰ টকাত ক্ৰয় কৰিলে এটা নাৰিকল - Panguni Uthiram festival

Panguni Uthiram festival: হিন্দু ধৰ্মীয় ৰীতি-নীতিত নাৰিকলৰ সুকীয়া স্থান আছে । ইয়াক নৈবেদ্য হিচাপে আগবঢ়োৱা হয় । তামিলনাডুৰ অৰুলমিগু বল্লী দেইভানাই সমেতা বালাসুব্ৰমনিয়াৰ মন্দিৰত সেই নাৰিকলবোৰৰ নিলাম হয় । এইবাৰ এক দম্পতীয়ে সেই নাৰিকল সৰ্বাধিক ৬২ হাজাৰ টকাত ক্ৰয় কৰিলে ।

Panguni Uthiram festival
তামিলনাডুৰ দম্পতীয়ে ৬২ হাজাৰ টকাত ক্ৰয় কৰিলে এটা নাৰিকল

By ETV Bharat Assamese Team

Published : March 25, 2024 at 4:50 PM IST

নেশ্যনেল ডেস্ক,২৫ মাৰ্চ :তামিলনাডুত এক আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে । এক দম্পতীয়ে নিলামত এটা নাৰিকল ক্ৰয় কৰিলে ৬২,০০০ টকাত । দম্পতীটোৰ এই পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই ঘটনা তামিলনাডুৰ থেনিৰ অৰুলমিগু বল্লী দেইভানাই সমেতা বালাসুব্ৰমনিয়াৰ মন্দিৰৰ । দীৰ্ঘদিনীয় পৰম্পৰা অনুসৰি মন্দিৰত অনুষ্ঠিত হোৱা নিলামতে এটা নাৰিকলে লাভ কৰিলে এই বৃহৎ পৰিমাণৰ ধন ।

সূত্ৰৰ মতে পুডুকোট্টাই জিলাৰ পোন্নামাৰাৱতীৰ সমীপৰ পুডুপট্টিৰ কবিতা ভাললিয়াম্মাই দম্পতীটোৱে হিন্দু ধৰ্মীয় আৰু দাতব্য এণ্ডোমেণ্ট বিভাগৰ দ্বাৰা পৰিচালিত এই ৩৫০ বছৰ পুৰণি মন্দিৰত আৰম্ভ হোৱা 'পাঙ্গুনি উথিৰাম' উৎসৱৰ সময়ত এই নাৰিকলটো ক্ৰয় কৰে ।

দেওবাৰে বল্লী আৰু ভগৱান মুৰুগাৰ পৰম্পৰাগত বিবাহ অনুষ্ঠান থিৰুকল্যাণ বৈবাৱমত অংশগ্ৰহণ কৰিবলৈ বহুসংখ্যক ভক্তই মন্দিৰত ভিৰ কৰিছিল । এই অনুষ্ঠানৰ সময় থিৰুমঙ্গল্যমত আগবঢ়োৱা নাৰিকলবোৰো নিলাম কৰা হৈছিল । নিলামৰ নিবিদা মাত্ৰ ৫,০০০ টকাত আৰম্ভ হৈছিল যদিও ই ৬২,০০০ টকা স্পৰ্শ কৰিছিল । তাত উপস্থিত থকা একাংশ ভক্তৰ মতে এয়া এক নিঃস্বাৰ্থ ভক্তিৰ ফল । কিয়নো তেওঁৰ বিশ্বাস আৰু কৃতজ্ঞতাৰ বাবে ব্যক্তিজনে কোনো দ্বিধা অবিহনে উদাৰভাৱে এই অৱদান আগবঢ়াইছে । আৰ্থিক মূল্যৰ বাহিৰেও দম্পতীটোৰ গভীৰ আধ্যাত্মিকতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

হিন্দু ধৰ্মীয় ৰীতি-নীতিত শ্ৰদ্ধাৰ প্ৰতীক নাৰিকলটোৱে ভক্তসকলৰ বাবে গভীৰ আধ্যাত্মিক গুৰুত্ব বহন কৰে । ইয়াক প্ৰায়ে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু দেৱতাসকলৰ পৰা আশীৰ্বাদৰ বাবে এক নৈবেদ্য হিচাপে আগবঢ়োৱা হয় ।

এনে ধৰণৰ নৈবেদ্যৰ পৰা সংগ্ৰহ কৰা পুঁজিয়ে মন্দিৰৰ বিভিন্ন দাতব্য পদক্ষেপত সহায় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । খাদ্য আৰু আশ্ৰয় প্ৰদানৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকসকলক সহায়ো কৰা হয় ।

লগতে পঢ়ক :উজ্জয়িনীৰ মহাকাল মন্দিৰত অগ্নিকাণ্ড; কেইবাজনো পুৰোহিত আহত - Mahakal Temple Fire