অসম

assam

ETV Bharat / bharat

ছাত্ৰ-ছাত্ৰীৰ সবলীকৰণৰ বাবে ২২ হাজাৰ কোটি টকাৰ পেকেজ

মন্ত্ৰালয়ে এই আঁচনিসমূহৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক আৰু উচ্চ শিক্ষাৰ প্ৰসাৰ ঘটায় ৷

Etv Bharat
Etv Bharat (Etv Bharat)

By ETV Bharat Assamese Team

Published : June 11, 2025 at 9:35 PM IST

নতুন দিল্লী: বৃত্তিমূলক আঁচনিৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সবলীকৰণৰ বাবে বিগত ১০ বছৰত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ২২ হাজাৰ কোটিৰো অধিক ধন প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, মন্ত্ৰালয়ৰ পাঁচখন বৃত্তিমূলক আঁচনিৰ ভিতৰত আছে ক্ৰমে- অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকৰ পিছৰ বৃত্তি আঁচনি, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি-মেট্ৰিক বৃত্তি আঁচনি, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শীৰ্ষ শ্ৰেণীৰ শিক্ষা, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় ফেল’শ্বিপ আৰু ৰাষ্ট্ৰীয় বহিঃৰাজ্য বৃত্তি আঁচনি ।

মন্ত্ৰালয়ে এই আঁচনিসমূহৰ জৰিয়তে জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মৌলিক আৰু উচ্চ শিক্ষাৰ প্ৰসাৰ ঘটায় । অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি-মেট্ৰিক বৃত্তিত নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰা সকলো ছাত্ৰ-ছাত্ৰীক(যাৰ অভিভাৱকৰ বাৰ্ষিক আয় ২.৫০ লাখ টকা পৰ্যন্ত) সামৰি লোৱা হয় ৷ আনহাতে, একাদশ শ্ৰেণী আৰু তাৰ ওপৰৰ বাবে মেট্ৰিকৰ পিছৰ বৃত্তিৰ ব্যৱস্থা থাকে ৷

একেদৰে এছ টি ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় বৃত্তি আঁচনি (পূৰ্বৰ শীৰ্ষ শ্ৰেণী বৃত্তি আঁচনি বুলি জনাজাত) ত নিৰ্বাচিত শীৰ্ষ শ্ৰেণীৰ চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত পৰিচালনা আৰু অভিযান্ত্ৰিক আদি পেছাদাৰী ক্ষেত্ৰসমূহত স্নাতক/স্নাতকোত্তৰ পাঠ্যক্ৰম গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । এছ টি ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় ফেল’শ্বিপ আঁচনিৰ জৰিয়তে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক এম ফিল বা পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ ক্ষেত্ৰত বৃত্তি প্ৰদান কৰা হয় ।

সমান্তৰালকৈ এছ টি ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় বহিঃৰাজ্য বৃত্তিৰ অধীনত বহিঃৰাজ্যৰ সুনাম থকা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে মেধাৱী ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদান কৰা হয় ।

বিগত দশকত কভাৰেজ সম্প্ৰসাৰণ, বাজেটৰ সমৰ্থন তিনিগুণ বৃদ্ধি, ডিজিটেল প্লেটফৰ্মসমূহ একত্ৰিত কৰাৰ লগতে উচ্চ শিক্ষাৰ সুবিধাৰ অগ্ৰাধিকাৰ দি বৃত্তিৰ পৰিৱেশ তন্ত্ৰৰ ৰূপান্তৰ ঘটিছে ।

মন্ত্ৰালয়ৰ এনেদৰে কয় - ‘‘মেনুৱেল প্ৰক্ৰিয়াৰ পৰা বাস্তৱ সময়ৰ প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডি বি টি) ব্যৱস্থালৈ হোৱা পৰিৱৰ্তনে দক্ষতা, স্বচ্ছতা আৰু সুলভতা বৃদ্ধি কৰিছে ৷ যাৰ ফলত জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক আৰু পেছাদাৰী যাত্ৰাত প্ৰত্যক্ষভাৱে সবলীকৰণ কৰা হৈছে ।’’

‘‘যোৱা ১০ বছৰত ২২ হাজাৰ কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে, যাৰ ফলত জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে (বৃত্তি আঁচনিৰ জৰিয়তে) আৰ্থিকভাৱে উন্নত মানৰ সহায় লাভ কৰাটো নিশ্চিত হৈছে । এই আঁচনিসমূহে বছৰে প্ৰায় ৩০ লাখ জনজাতীয় ছাত্ৰ-ছাত্ৰীক উপকৃত কৰে, যিটো ২০১৩-১৪ চনত ১৮ লাখ আছিল’’ বুলি মন্ত্ৰালয়ে কৈছে ৷

মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১৩-২০১৪ চনলৈকে বৃত্তিৰ বাবে বাজেট ব্যয় ৯৭৮ কোটি টকা হোৱাৰ বিপৰীতে ২০২৪-২০২৫ চনলৈকে এই ব্যয়ৰ পৰিমাণ আছিল ৩,০৮৮ কোটি টকা, যিটো বিত্তীয় আবণ্টনৰ তিনিগুণতকৈও অধিক বৃদ্ধি বুলি গণ্য কৰা হৈছে ।

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ বৃত্তি আঁচনিৰ কথা উল্লেখ কৰি জনজাতীয় অধিকাৰ বিশেষজ্ঞ বিক্ৰান্ত তিৱাৰীয়ে ইটিভি ভাৰতক এনেদৰে কয়- "কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ বৃত্তি আঁচনিয়ে বছৰি ৩০ লাখৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীক উপকৃত কৰে ৷ শৈক্ষিক অন্তৰ্ভুক্তিৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ, যিয়ে প্ৰাক-মেট্ৰিক, পোষ্ট-মেট্ৰিক আৰু উচ্চশ্ৰেণীৰ শিক্ষাক সামৰি লৈছে । ই বহুতো প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থীক শিক্ষাগ্ৰহণ অব্যাহত ৰাখিবলৈ আৰু উন্নত সুযোগৰ সপোন কৰিবলৈ সক্ষম কৰি তুলিছে ।’’

‘‘আৰ্থিক সাহায্য অতি প্ৰয়োজনীয় হ'লেও জনজাতীয় হোষ্টেল আৰু আৱাসিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অধিক ব্যৱস্থাগত সহায়ৰ প্ৰয়োজন । সময়মতে বৃত্তি প্ৰদান কৰাটো নিশ্চিত কৰা আৰু আমোলাতান্ত্ৰিক বিলম্বৰ হ্ৰাস কৰাটো প্ৰয়োজনীয়’’ বুলি তেওঁ লগতে কয় ৷

জনজাতীয় জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰি অহা তিৱাৰীয়ে বিদ্যালয় পৰ্যায়ত মেণ্টৰশ্বিপ, ডিজিটেল সাক্ষৰতা, কেৰিয়াৰ গাইডেন্সৰ প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰে ।

জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় বহিঃৰাজ্য বৃত্তিৰ বিষয়ে উল্লেখ কৰি তিৱাৰীয়ে কয়, ‘‘আঁচনিখন জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলক বিশ্বমানৰ শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ দিশত এক শক্তিশালী পদক্ষেপ । ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ পৰিৱৰ্তনশীল হ'ব পাৰে, বিশেষকৈ পুনৰ প্ৰৱৰ্তন কৰা বিদ্বান নীতি, শিক্ষা আৰু প্ৰাথমিক পৰ্যায়ৰ উন্নয়নত নিয়োজিত হয় । অৱশ্যে দুৰ্গম জনজাতীয় অঞ্চলত আঁচনিখনৰ প্ৰতি সজাগতা কম । প্ৰকৃততে অন্তৰ্ভুক্ত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ অধিক সক্ৰিয় আউটৰিচ আৰু প্ৰাৰম্ভিক সমৰ্থন (ভাষা, নথিপত্ৰ আদি) প্ৰয়োজনীয় ।’’

আই ই চিৰ ফলপ্ৰসূ অভিযানসমূহ স্থানীয় সংস্কৃতি আৰু ভাষাত শিপাই থাকিব লাগিব বুলি দৃঢ়তাৰে তেওঁ কয়, ‘‘লক্ষ্য হ'ব লাগে অৱগত কৰা, অনুপ্ৰাণিত কৰা আৰু অন্তৰ্ভুক্ত কৰা - যাতে প্ৰতিগৰাকী জনজাতীয় ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ অধিকাৰ আৰু সম্ভাৱনাৰ বিষয়ে সচেতন কৰিব পাৰি ।’’

লগতে পঢ়ক:ইচ্ছামতে হ্ৰাস-বৃদ্ধি কৰিব নোৱাৰিব এ চিৰ তাপমাত্ৰা: তাপমাত্ৰা নিৰ্ধাৰণৰ দিশে অগ্ৰসৰ কেন্দ্ৰ - MANDATORY AC TEMPERATURES