অসম

assam

ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 25th March

Daily Horoscope For 25th March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 25th March 2024
আজিৰ দিনটোৰ ৰাশিফল

By ETV Bharat Assamese Team

Published : March 25, 2024 at 6:05 AM IST

Updated : March 25, 2024 at 6:11 AM IST

মেষ ৰাশি :দিনটো আনন্দদায়ক। আৰ্থিক লাভ । সৰু সুৰা ভ্ৰমণৰ যোগ । কঠোৰ পৰিশ্ৰমৰ বাবে দিনটো ভাল । শাৰীৰিক আৰু মানসিক স্বাস্থ্য উত্তম ।

বৃষ ৰাশি: ভাল ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব । স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । বাহিৰৰ খাদ্য বৰ্জন কৰক । কৰ্মত মনোনিৱেশ কৰক ৷

মিথুন ৰাশি: মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বা বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটাব । সুন্দৰ ঠাইলৈ ফুৰিব যাব পাৰে । সকলো কামত সফল । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্য বৃদ্ধি ।

সিংহ ৰাশি:দিনটো মধ্যমীয়া । সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিচতো প্ৰত্যাশিত ফল নাপাব পাৰে ।

কন্যা ৰাশি: দিনটো শুভ । শাৰীৰিক আৰু মানসিকভাৱে সুস্থ । ধনদেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব ৷ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে বহুত ভাল সময় পাৰ কৰিব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।

তুলা ৰাশি:নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰ পৰা দূৰত থাকক । পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে । শান্ত থাকক ৷

বৃশ্চিক ৰাশি:দিনটো লাভদায়ক । জাগতিক সুখ ভোগ কৰিব । বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি:ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা উপকৃত হ’ব ।

মকৰ ৰাশি:এটা সাধাৰণ দিন । সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । দিনৰ শেষত ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি:কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি:জীৱনটো উপভোগ কৰাৰ নামত ব্যস্ত হৈ থাকিব । শিল্পী আৰু লেখকসকলে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব । প্ৰিয়জনৰ সৈতে সময় কটাব । বনভোজনত যোৱাৰ পৰিকল্পনা কৰিব পাৰে । সামাজিক জীৱনত উন্নতি লাভ ।

Last Updated : March 25, 2024 at 6:11 AM IST