অসম

assam

ETV Bharat / bharat

তৃতীয় লিংগৰ চিকিৎসকে শিক্ষাৰ প্ৰমাণপত্ৰত বিচাৰিছে নাম-লিংগৰ সংশোধন - First transgender doctor from NE

Transwoman doctor Beoncy Laishram : শিক্ষাগত প্ৰমাণপত্ৰত নাম আৰু লিংগৰ সংশোধনী বিচাৰি কাষ চাপিছে আদালতৰ ৷ লিংগৰ পৰিৱৰ্তনৰ পূৰ্বৰ নাম-লিংগ আৰু পৰৱৰ্তী সময়ৰ নথি-পত্ৰৰ মাজত নাছিল মিল ৷

Transwoman doctor Beoncy Laishram
উত্তৰ-পূবৰ প্ৰথমগৰাকী ৰূপান্তৰিত লিংগৰ চিকিৎসক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 19, 2024 at 10:12 PM IST

তেজপুৰ, ১৯ জুন : শিক্ষাৰ প্ৰমাণপত্ৰত লিংগৰ সংশোধন বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে এগৰাকী তৃতীয় লিংগৰ লোক ৷ ইম্ফলৰ ৩২ বছৰীয়া তৃতীয় লিংগৰ ডাঃ বিয়ন্সি লাইশ্ৰম মণিপুৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শিক্ষাৰ প্ৰমাণপত্ৰত নিজৰ নাম সংশোধনৰ বাবে ৷

উল্লেখ্য যে ডাঃ বিয়ন্সি লাইশ্ৰমে ২০১৮ চনত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ তৃতীয় লিংগৰ সমাজৰ ভিতৰত প্ৰথমগৰাকী চিকিৎসক হিচাপে স্থান লাভ কৰিছে । এই উল্লেখযোগ্য কৃতিত্বৰ পিচতো ডাঃ বিয়ন্সিয়ে তেওঁৰ জীৱনত কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ কাৰণ মহিলা হিচাপে তেওঁৰ বৰ্তমানৰ নাম আৰু লিংগ পৰিচয় শিক্ষাৰ প্ৰমাণপত্ৰত লিপিবদ্ধ কৰিবলৈ জনোৱা অনুৰোধ সংশ্লিষ্ট কৰ্তৃপক্ষই নাকচ কৰিছে ।

ইম্ফল পশ্চিম জিলাৰ কাকোৱা অঞ্চলত বাস কৰা ডাঃ বিয়ন্সিয়ে মণিপুৰ উচ্চ ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰিছে । ১৩ জুনত ন্যায়াধীশ অহন্তেম বিমোল সিঙে এই গোচৰটো গ্ৰহণ কৰি উত্তৰদাতাসকলক উত্তৰ দিবলৈ জাননী জাৰি কৰে । এই বিষয়ে পৰৱৰ্তী শুনানি অহা ১৭ জুলাইত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ইতিহাস সৃষ্টিৰে ভাৰতত সন্তান জন্ম দিবলৈ ওলাইছে তৃতীয় লিংগই

আবেদন অনুসৰি ডাঃ বিয়ন্সিৰ জন্ম হৈছিল পুৰুষ হিচাপে আৰু নাম আছিল ববয় লাইশ্ৰম ৷ সেই নাম আৰু লিংগ তেওঁৰ দশম, দ্বাদশ মান, এম বি বি এছ আৰু অন্যান্য শিক্ষাগত প্ৰমাণপত্ৰত লিপিবদ্ধ হৈ আছে । কিন্তু ২০১৯ চনৰ ৮ অক্টোবৰত তেওঁ অস্ত্ৰোপচাৰ কৰি লিংগ সলনি কৰে ৷ ইয়াৰ পিচত তেওঁ আইনগতভাৱে আধাৰ কাৰ্ডত নাম সলনি কৰি নিজৰ নাম বিঅ'ন্সি লাইশ্ৰম আৰু লিংগ সলনি কৰি মহিলা কৰে ৷ ইয়াৰ উপৰিও ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত জিলা দণ্ডাধীশ (ইম্ফল ৱেষ্ট)ৰ পৰা ‘ট্ৰেন্স আইডি কাৰ্ড’ আৰু ২০২৩ চনৰ ৪ মাৰ্চত ভোটাৰ আইডি কাৰ্ড লাভ কৰে ৷ সেইদৰেই তেওঁ নতুন পৰিচয় লাভ কৰে ।

ইফালে ডাঃ বিয়ন্সিৰ পৰিচয় সকলো চৰকাৰী আৰু আইনগতভাৱে নাৰী হিচাপে স্বীকৃতি পোৱাৰ বিপৰীতে তেওঁৰ শিক্ষাৰ প্ৰমাণপত্ৰত এতিয়াও তেওঁৰ পূৰ্বৰ নাম ববয় লাইশ্ৰম আৰু লিংগ পুৰুষ হিচাপে আছে ৷ ফেব্ৰুৱাৰী মাহত মাধ্যমিক শিক্ষা ব’ৰ্ড মণিপুৰ (বি এছ ই এম), উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ মণিপুৰ (চি অ’ এইচ এছ ই এম) আৰু মণিপুৰ বিশ্ববিদ্যালয় (এম ইউ)ৰ পৰা নতুন প্ৰমাণপত্ৰ বিচাৰিছিল যদিও তেওঁৰ অনুৰোধ নাকচ কৰা হৈছিল ৷

লগতে পঢ়ক:তৃতীয় লিংগৰ লোকে গুৱাহাটী ৰেল ষ্টেচনত আৰম্ভ কৰিলে চাহৰ বিপণী

ডাঃ বিয়ন্সিয়ে কয় যে তেওঁৰ শিক্ষাৰ প্ৰমাণপত্ৰৰ অসামঞ্জস্যই অধিক শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিছে ৷ সেয়ে তেওঁ বৰ্তমানৰ নাম আৰু লিংগ সন্নিৱিষ্ট হোৱাকৈ নতুন প্ৰমাণপত্ৰ প্ৰদানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ আদালতত আবেদন জনাইছে ।

ইয়াৰ উপৰিও ডাঃ বিয়ন্সিয়ে অনুৰোধ জনাইছে যে বিশ্ববিদ্যালয়, উচ্চ শিক্ষা বিভাগ আৰু বিদ্যালয় শিক্ষা বিভাগ কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি, শিক্ষাৰ প্ৰমাণপত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ নাম আৰু লিংগ সলনি কৰাৰ বাবে জাননী জাৰি কৰক ৷ যাতে পৰৱৰ্তী সময়ত কোনেও ইয়াৰ বাবে আইনৰ কাষ চাপিবলগীয়া নহয় ৷

লগতে পঢ়ক:এলজিবিটিৰ সমস্যা সমাধানৰ দাবীৰে মহানগৰীৰ ৰাজপথত বিশেষ সমদল