ETV Bharat / state

Nipon Goswami no more: ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য

author img

By

Published : Oct 27, 2022, 12:00 PM IST

Nipon Goswami no more
ৰাজ্যিক মৰ্যদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন হ’ব

বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami is no more) ৷ কাহানিও ঘূৰি নহাৰ বাতেৰে সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী (Nipon Goswami no more) ৷ এইগৰাকী অভিনেতাৰ বিয়োগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ লগতে ৰাজ্যৰ বহুসংখ্যক ব্যক্তিয়ে টুইটযোগে শোক প্ৰকাশ কৰিছে ৷

নিউজ ডেস্ক, 27 অক্টোবৰ : জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে (Pass away Veteran Actor Nipon Goswami) ৷ জীৱন বাটৰ শেষত শান্তিৰ ঠাইকন বিচাৰি আজি গ’লগৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী ৷ এইগৰাকী মহীৰূহৰ মৃত্যুত অসমীয়া ছবি জগতৰ লগতে সকলোতে পৰিছে এতিয়া শোকৰ ছাঁ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো অভিনেতা নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ আনহাতে, ৰাজ্যিক মৰ্যদাৰে অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰাৰ কথাও অসম চৰকাৰে ঘোষণা কৰিছে (Funeral of Veteran Nipon Goswami will be held with full state dignity) ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে টুইটযোগে শোক প্ৰকাশ কৰিছে ৷

ইতিমধ্যে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত (Nemcare Hospital) উপস্থিত হৈছেগৈ ৰাজ্যৰ সাংস্কৃতিক জগতৰ লগত জড়িত কেবাজনো ব্যক্তিৰ লগতে মন্ত্ৰী অশোক সিংহাল ৷ আনহাতে, অসম চৰকাৰে নেমকেয়াৰ হাস্পতালৰ সমুদায় খৰচ বহন কৰাৰ কথাও ঘোষণা কৰে ৷

স্কুলত পঢ়ি থকা দিনৰে পৰাই অভিনয়ৰ লগত জড়িত থকা এইগৰাকী অভিনেতাই 100 ৰো অধিক ছবিত কাম কৰিছিল ৷ BA ফাইনেল পৰীক্ষা দিয়াৰ পাচত তেখেতে পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে । প্ৰায় 1965 চনত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় ।

সেই সময়ত সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল । বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউডৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল । 2 বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰিছিল ।

পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে প্ৰস্তাৱ লাভ কৰিছিল । সেই প্ৰস্তাৱ অনুসৰিয়েই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে । কেৱল অসমীয়াতে নহয়, বঙালী, হিন্দী ছবিটো তেখেতে অভিনয় কৰিছিল ৷

নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল পিয়লি ফুকন ৷ 1957 চনত মুক্তি লাভ কৰা উক্ত ছবিখনৰ পৰিচালক আছিল ফণী শৰ্মা । সংগ্ৰাম ছবিৰ পাচতে নায়ক হিচাপে তেখেতে 1969 চনত মুক্তিপ্ৰাপ্ত ডক্তৰ বেজবৰুৱা ছবিত অভিনয় কৰে । 1981 চনত মুক্তি লাভ কৰা আজলী নবৌৰ পাচৰে পৰাই নিপন গোস্বামীয়ে নায়ক ৰূপে সকলোৰে মনত এক আলোড়লন জগাই তুলিবলৈ সক্ষম হৈছিল ৷

কেৱল ছবিয়েই নহয়, অভিনেতা নিপন গোস্বামীয়ে ভ্ৰাম্যমাণ থিয়েটাৰটো অভিনয় কৰি দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছিল ৷ এক সাক্ষাৎকাৰত তেখেতে নিজই ব্যক্ত কৰ্ছিল যে, ছবিতকৈ মঞ্চহে অভিনয় কৰি তেখেতে বেছি ভাল পায় ৷ অভিনেতে নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল ৷ ভ্ৰাম্যমাণৰ সুখ্যাত নাটক ‘‘অসীমত যাৰ হেৰাল সীমা’’-ৰ চন্দনৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল ।

এইগৰাকী প্ৰতিভাৱান মহীৰূহৰ বিয়োগ অসমীয়া সাংস্কৃতিক জগতৰ লগতে বঙালী তথা হিন্দী সাংস্কৃতিক জগতৰ বাবেও এক অপূৰণীয় ক্ষতি ৷ এইগৰাকী অভিনেতাৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো একাজলি অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক : Assam actor Nipon Goswami: অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.