Assam actor Nipon Goswami: অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই

author img

By

Published : Oct 27, 2022, 10:15 AM IST

Updated : Oct 27, 2022, 10:30 AM IST

অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই

অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami is no more) ৷ সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’ল গৈ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকী ৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷

নিউজ ডেস্ক, 27 অক্টোবৰ : অভিনেতা নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami is no more) ৷ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’ল গৈ অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ ৷

হঠাৎ শ্বাস প্ৰশ্বাসত অসুবিধা হোৱাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীক বাবে দেওবাৰে অৰ্থাৎ 23 অক্টোবৰ তাৰিখে তৎকালীনভাৱে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত(Nemcare Hospital) ভৰ্তি কৰা হয় ৷ বিশিষ্ট অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাচতেই হাস্পতালখনৰ হৃদৰোগ বিভাগৰ ICU ত ভৰ্তি কৰা হয় ৷

কিন্তু সোমবাৰে গোস্বামীৰ সোমবাৰে স্বাস্থ্য অধিক অৱনতি ঘটে (Assam actor Nipon Goswami Falling Ill)৷

দেওবাৰৰ পৰাই অভিনেতা নিপন গোস্বামী সম্প্ৰতি হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ আৰু হাওফাও বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত চিকিৎসাধীন হৈ আছিল । কিন্তু বৃহস্পতিবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালতে পুৱা 9:15 বজাত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷

লগতে পঢ়ক : বিশিষ্ট অভিনেতা নিপন গোস্বামীলৈ ভৱেন বৰুৱা বঁটা

1942 চনৰ ছেপ্টেম্বৰ মাহত তেজপুৰৰ কলিবাৰীত জন্ম হৈছিল নিপন গোস্বামীৰ । তেখেতৰ পিতৃ আছিল বিখ্যাত অভিনেতা চন্দ্ৰধৰ গোস্বামী আৰু মাতৃ আছিল নিৰুপমা গোস্বামী ৷ প্ৰথমে মঞ্চত অভিনয় কৰি তেখেতে পাচলৈ বোলছবিত নায়কৰ ৰূপত অভিনয় কৰে ।

অসমীয়া বোলছবিৰ ‘‘তাৰকা অভিনেতা’’ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ ভিতৰত গোস্বামী অন্যতম । এখেতে টেলি-ফিল্ম, ভিচিডি ছবি আদিতো অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰি আহিছে । জানিব পৰা মতে, এগৰাকী অভিনেতাই 100 ৰো অধিক ছবিত কাম কৰিছিল ।

স্কুলত পঢ়ি থকা দিনতেই পোন প্ৰথমবাৰৰ বাবে নিপন গোস্বামীয়ে অভিনয় জগতত খোজ পেলাইছিল ৷ 8-9 বছৰ বয়সত তেখেতে প্ৰথমে ‘‘লাচিত বৰফুকন’’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ সৈতে অভিনয় কৰিছিল । হাইস্কুলত পঢ়া কালতো তেখেতে নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । অভিনয়ৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা এইগৰাকী অভিনেতাই ক্ৰমান্বয়ে সকলোৰে মন-মগজুত বাহৰ পাতিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, 2021 বৰ্ষত নিপন গোস্বামীক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰেও সন্মানিত কৰা হয় ৷ এইগৰাকী মহীৰূহ মৃত্যু অসমীয়া ছবিজগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷

লগতে পঢ়ক : Assam actor Nipon Goswami: বিশিষ্ট অভিনেতা নিপন গোস্বামী অসুস্থ

Last Updated :Oct 27, 2022, 10:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.