ওপৰৰজনক পাৰি কিন্তু সন্মুখৰজনক কোনোপধ্যে নোৱাৰি: প্ৰসংগ ‘উপেক্ষা’ - Zubeen garg BIHU PROGRAM 2024

By ETV Bharat Assamese Team

Published : May 20, 2024, 4:05 PM IST

thumbnail
জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (etv bharat assam)

নলবাৰী, ২০ মে’ : প্ৰতিকূল বতৰকো নেওচি নিশা নলবাৰীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ দৰ্শকৰ । বৰষুণৰ মাজতো হাতত ছাতি লৈ জুবিনৰ গীত উপভোগ হেজাৰ হেজাৰ দৰ্শকৰ ৷ নলবাৰীৰ বৰাজোলৰ ৩১ সংখ্যক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত নিশা আকৰ্ষণৰ মূলবিন্দু আছিল জুবিন গাৰ্গ । এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিটো গীতেই উপভোগ কৰে ।

তুমি যেন পপীয়া তৰা গীতেৰে সংগীতানুষ্ঠান আৰম্ভ কৰে জুবিন গাৰ্গে । উল্লেখ্য যে, দেওবাৰে ৩১ সংখ্যাক বৰাজোল আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত হেজাৰ হেজাৰ দৰ্শকৰ উপস্থিতিত জুবিন গাৰ্গে গাই গ'ল তেওঁৰ ইটোৰ পিছত সিটো চুপাৰহিট গান । দিল তু হী বাতা, মায়া, প্ৰীতিৰ সুৱাসকে আদি কৰি প্ৰায় সংখ্যক চুপাৰ হিট গীতবোৰ পৰিৱেশন কৰি দৰ্শকৰ মাজত এক মায়াজালৰ সৃষ্টি কৰে জুবিনে । কণ্ঠশিল্পীগৰাকীৰ সমানে সমানে দৰ্শকেও গুণগুণাই গ'ল তেওঁ গীতসমূহ ।

লগতে পঢ়ক : যোৰহাট কেন্দ্ৰীয় ৰঙালী উৎসৱত জুবিনৰ সংগীতৰ মায়াজাল - Zubeen Garg Bihu Program

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.