ETV Bharat / state

কাঠৰ টুকুৰাক প্ৰাণ দিবলৈ আমিষ আহাৰ ত্য়াগ কৰা এগৰাকী কাৰুশিল্পী - unique creation of Craftsman

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 10:18 PM IST

Craftsman of Jorhat: ৰাজ্য়ৰ বহুতো নামঘৰত জিলিকি উঠিছে এগৰাকী কাৰুশিল্পীৰ হাতৰ পৰশত সৃষ্টি হোৱা সামগ্ৰী । তাৰ পিচতো নাই কোনো প্ৰচাৰ । এইগৰাকী শিল্পীয়ে মানসিক সন্তুষ্টিৰ বাবে ৰাইজৰ সেৱাত ব্ৰতী হোৱা বাবে হিচাপ নকৰে পোৱা-নোপোৱাৰ । কোন এইগৰাকী কাৰুশিল্পীগৰাকী ?

Craftsman of Jorhat
এগৰাকী প্ৰচাৰ বিমুখ কাৰুশিল্পী (ETV BHARAT ASSAM)

এগৰাকী প্ৰচাৰ বিমুখ কাৰুশিল্পী (ETV BHARAT ASSAM)

যোৰহাট, ২০ মে': এগৰাকী প্ৰচাৰ বিমুখ কাৰুশিল্পী ৷ এইগৰাকী কাৰুশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে কাঠৰ টুকুৰা ৷ কাঠৰ টুকুৰাবোৰ কাটি তেওঁ বহু বছৰ ধৰি নিৰৱছিন্নভাৱে খোদিত কৰি গৈছে চৰাই চিৰিকটি, জীৱ-জন্তু ৷ গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মৰ মাজত জীৱন্ত ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে এইগৰাকী কাৰুশিল্পীয়ে । বিগত ২০ বছৰেই এই শিল্পৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা কাৰুশিল্পীগৰাকী হৈছে যোৰহাটৰ মনেশ্বৰ বৰা ।

শদিয়াৰ পৰা ধুবুৰীলৈকৈ পৰিচিতি এইগৰাকী কাৰুশিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে গুৰুজনাৰ সৃষ্টিৰাজি । যোৰহাটৰ নগৰৰ নাতিদূৰৈৰ এলেংমৰাত কাৰুশিল্পীগৰাকীৰ ঘৰ । অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ কোনো এখন গাঁৱত যদি গুৰুজনাৰ সৃষ্টিৰাজিৰ নামঘৰৰ উপৰি গোঁসাই ঘৰ আৰু মন্দিৰ আদি প্ৰতিষ্ঠা কৰিবলগীয়া হয় তেন্তে প্ৰয়োজন হয় এইগৰাকী বিশেষ ব্যক্তিৰ । কিয়নো নামঘৰৰ বাবে প্ৰয়োজন সিংহাসন, পদ্মাসন, গৰুড়াসনকে ধৰি সকলোবোৰ অতি নিখুঁতভাৱে সাজি উলিয়াব পাৰে তেওঁ ।

এই প্ৰসংগত কাৰুশিল্পী মনেশ্বৰ বৰাই কয়," পূৰ্বতে পিতৃয়ে কৰা এই কাম বিগত বিশ বছৰৰ পৰা কৰি আহিছো ।" পূৰ্বতে তেওঁৰ এয়া আছিল নিচা । কিন্তু বৰ্তমান মনেশ্বৰ বৰাই এয়া পেছালৈ পৰিৱৰ্তন কৰিছে । উল্লেখ্য যে কাৰুশিল্পী গৰাকীয়ে এই কামৰ বাবে জীৱনত কৰি গৈছে বহু ত্যাগ । এইসমূহ ধৰ্মীয় সামগ্রী নিৰ্মাণৰ সময়ত তেওঁ থাকে অনাহাৰে । অৰ্থাৎ অতি ভক্তিভাৱেৰে নিৰৱিচ্ছিন্নভাৱে নিৰ্মাণ কৰি গৈছে এই সামগ্রীসমূহ ।

মানসিক সন্তুষ্টিৰ বাবেই ৰাইজৰ সেৱাত ব্ৰতী শিল্পীগৰাকীয়ে বিশ বছৰৰ পূৰ্বেই ত্যাগ কৰিছে আমিষ আহাৰ । কৰ্ম ,ধৰ্ম, বিশ্বাস একেলগে লৈ মনেশ্বৰ বৰাই কেৱল মনোনিবেশ কৰিছে সৃষ্টিশীল কৰ্মত । মনেশ্বৰ বৰাৰ এই কামে নৱ প্ৰজন্ম বাবে প্ৰেৰণা আৰু আশা প্ৰতীক হিচাপে জিলিকি থাকিব ।

লগতে পঢ়ক:Wood Craft Artist: দেৱতাৰ মূৰ্তিৰ অবিকল ৰূপ দিয়াত ব্য়স্ত প্ৰদীপ হাজৰিকা

দাপোন দ্য মিৰ’ৰ উদ্যোগত খৰ্বকায়সকলৰ মৌলিক নাটক প্ৰদৰ্শন - Artist Pabitra Rabha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.