ETV Bharat / sports

ৰিয়ানৰ সমৰ্থনত হেজাৰ হেজাৰ দৰ্শকেৰে ভৰিল বৰ্ষাপাৰা - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 6:52 PM IST

Barsapara Cricket Stadium : ৰাজস্থান ৰয়েলছ-কলকাতা নাইট ৰাইডাৰ্ছৰ সমৰ্থকেৰে ভৰি পৰিছে বৰ্ষাপাৰাৰ প্ৰতিটো পথ, উপ-পথ ৷ ৰাজস্থান বনাম কলকাতাৰ মেচ চাবলৈ বৰ্ষাপাৰাত অগণন অনুৰাগীৰ ভিৰ ৷

KKR VS RR TODAY IPL MATCH
ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভল্টেজ মেচ (ETV BHARAT ASSAM)

ৰাজস্থান-কলকাতাৰ মেচ চাবলৈ বৰ্ষাপাৰাত অনুৰাগীৰ ভিৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 19 মে’ : আই পি এল জ্বৰত আক্ৰান্ত গুৱাহাটী মহানগৰী ৷ গুৱাহাটী মহানগৰীৰ চাৰিওফালে এতিয়া কেৱল আই পি এল উন্মাদনা ৷ ইতিমধ্যে গুলপীয়া হৈ পৰিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকেৰে ভৰি পৰিছে বৰ্ষাপাৰাৰ প্ৰতিটো পথ, উপ-পথ ৷ সমান্তৰালভাৱে কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন কৰিবলৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰাও আহিছে যথেষ্ট সমৰ্থক ৷

আজি সন্ধিয়া 7.30 বজাৰ পৰা বৰ্ষাপাৰাত আৰম্ভ হ’ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ হাইভল্টেজ মেচখন ৷ মেচৰ বাবে সাজু ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ ৷ ৰাজস্থান ৰয়েলছৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগৰ বাবেও বৰ্ষাপাৰা ভৰি পৰি সমৰ্থকেৰে ৷ ৰিয়ান পৰাগৰ বাবেও গুৱাহাটীত আই পি এল মেচখনে লাভ কৰিছে বিশেষ গুৰুত্ব ৷ অনুৰাগীৰ মুখত কেৱল ৰাজস্থান ৰয়েলছ আৰু অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ নাম ৷ ৰাজ্যৰ সকলো স্থানৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ পৰাও ৰাজস্থান ৰয়েলছৰ সমৰ্থক তথা অনুৰাগীয়ে আহি ভিৰ কৰিছেহি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৷ সমান্তৰালভাৱে কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন কৰিবলৈ কলকাতাৰ পৰা আহিছে অনুৰাগী ৷

উল্লেখ্য যে, আজি অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ আই পি এলৰ চলিত সংস্কৰণৰ 70 সংখ্যক তথা অন্তিমখন লীগ মেচ ৷ চলিত আই পি এলত আৰম্ভণিৰে পৰাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই অহা ৰাজস্থান ৰয়েলছে শেহতীয়াকৈ ধাৰাবাহিকভাৱে চাৰিখন মেচত পৰাস্ত হোৱাৰ পিচত আজি বৰ্ষাপাৰাত পইন্ট তালিকাৰ দ্বিতীয় স্থান নিশ্চিত কৰিবলৈ কলকাতা নাইট ৰাইডাৰ্ছাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ আনফালে চলিত বর্ষৰ আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈ তথা অসম সন্তান ৰিয়ান পৰাগেও চমকপ্ৰদ প্ৰদৰ্শনেৰে দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে ৷ পূৰ্বৰ কেবাখনো মেচৰ লগতে গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন মেচত দলৰ বিপৰ্যয়ৰ সময়ত ৰিয়ানে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ দললৈ বৰঙণি আগবঢ়োৱা দেখা গৈছিল ৷ সেয়েহে আজিৰ মেচখনতো নিজৰ ঘৰুৱা খেলপথাৰত তথা ঘৰুৱা দৰ্শকৰ সন্মুখত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী ৰিয়ানৰ অনুৰাগী ৷

উল্লেখ্য যে, 15 মে’ত বৰ্ষাপাৰাত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনত 5 উইকেটত পৰাস্ত হৈছিল ৰাজস্থান ৰয়েলছ ৷ ইতিমধ্যে 16 পইন্টেৰে তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছ আই পি এলৰ প্লে’ অফত প্ৰৱেশ কৰিছে ৷

লগতে পঢ়ক : ৰিয়ানৰ প্ৰদৰ্শনক লৈ উৎসাহী কুমাৰ ছাংগাক্কাৰা - IPL 2024

লগতে পঢ়ক : প্রিয় খেলুৱৈৰে সৈতে ছেলফী ল’বলৈ বর্ষাপাৰাত অনুৰাগীৰ ভিৰ - IPL MATCH IN GUWAHATI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.