ETV Bharat / politics

ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধি কৰিলে যাব লাগিব জে’ললৈ ! - Nana Patole on Ram Temple

author img

By ANI

Published : May 12, 2024, 5:11 PM IST

Himanta Biswa Sarma : ছোনিয়া গান্ধীৰ ধৰ্মক লৈ এইবাৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ ৷ ইণ্ডি এলায়েন্সৰ চৰকাৰ হ’লে ৰাম মন্দিৰ শুদ্ধিকৰণৰ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

NANA PATOLE ON RAM TEMPLE
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat)

নিউজ ডেস্ক, 12 মে’ : মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে ৰাম মন্দিৰৰ শুদ্ধিকৰণ সন্দৰ্ভত কৰা মন্তব্যক বিপজ্জনক আখ্যা দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শনিবাৰে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ড৹ শৰ্মাই লগতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ দৰ্শনৰ অনুমতি লাভ কৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷ তদুপৰি তেওঁ নানা পাটোলৰ মন্তব্যৰ প্ৰসংগ উত্থাপন কৰি ছোনিয়া গান্ধীৰ ধৰ্ম কি বুলিও প্ৰশ্ন কৰে ৷

আনহাতে যদি ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধি কৰে, হিন্দুসকল মনে-মনে হৈ থাকিব নেকি বুলি প্ৰশ্ন কৰে ড৹ শৰ্মাই ৷ এতিয়া নিৰ্বাচনৰ সময় বাবেহে কেৱল কথাৰে কৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে যদিহে ছোনিয়া গান্ধীয়ে ৰাম মন্দিৰ শুদ্ধিকৰণৰ চেষ্টা কৰে, তেন্তে তেওঁক কাৰাগাৰলৈ লৈ যোৱা হ’ব । উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিচতহে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

উল্লেখ্য যে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে কৈছিল যে যদিহে কেন্দ্ৰত ইণ্ডি এলায়েন্সৰ চৰকাৰ হয়, তেতিয়া ৰাম জন্মভূমিৰ মন্দিৰ শুদ্ধি কৰা হ’ব ।

এক বিবৃতিত নানা পাটোলে কয়, ‘‘ইণ্ডি এলায়েন্স শাসনলৈ অহাৰ পিচত আমি অযোধ্যাৰ ৰাম মন্দিৰ শুদ্ধি কৰিম । শংকৰাচাৰ্যসকলে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠৰ সময়ত বিৰোধিতা কৰিছিল ৷ গতিকে চাৰিজন শংকৰাচাৰ্যই ৰাম মন্দিৰ শুদ্ধি কৰিব ৷ সেই স্থানত ৰাম দৰবাৰ স্থাপন কৰা হ’ব ।’’

তদুপৰি কংগ্ৰেছ নেতাগৰাকীয়ে কৈছিল, ‘‘ ৰাম মন্দিৰত থকা মূৰ্তিটো ভগৱান ৰামৰ নহয়, কিন্তু ৰাম লালাৰ শিশু ৰূপহে । ৰাম মন্দিৰ নিৰ্মাণত নৰেন্দ্ৰ মোদীয়ে অনিয়ম কৰিছে । আমি শুধৰণি কৰি সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কৰিম ৷’’

মন কৰিবলগীয়া যে ড৹ হিমন্ত বিশ্ব শৰ্মাপ পূৰ্বে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও পাটোলেক নানা পাটোলৰ মন্তব্যৰ বাবে সমালোচনা কৰি কয়, ‘‘এয়া হৈছে কংগ্ৰেছ দলৰ সেইসকল লোক যিয়ে উচ্চতম ন্যায়ালয়ত শপতনামা দি ভগৱান ৰামৰ অস্তিত্বক প্ৰত্যাহ্বান জনাইছিল ৷ তেওঁলোকে ৰাম সেতুৰ অস্তিত্বকো প্ৰত্যাহ্বান জনাইছিল । তেওঁলোকে ৰাম কাল্পনিক নে বাস্তৱ সেয়াও প্ৰশ্ন কৰিছিল ৷’’

লগতে পঢ়ক: অসমৰ 40 শতাংশ জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.