অসমৰ 40 শতাংশ জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী: হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma in Jharkhand
Himanta Biswa Sarma: অসমৰ 40 শতাংশ জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী ৷ ঝাৰখণ্ডত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ঝাৰখণ্ডৰ মহিলা আৰু কন্যাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলিও ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Published : May 11, 2024 at 10:56 PM IST
ৰাঁচী, 11 মে’: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ঝাৰখণ্ডত ৷ প্ৰচাৰ সভাৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি বিশেষকৈ ঝাৰখণ্ডৰ মহিলা আৰু কন্যাৰ সুৰক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে ।
নিৰ্বাচনী সভাত ভাষণ দি ড৹ শৰ্মাই কয় যে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰায়ে জনজাতীয় মহিলাক বিয়া কৰাই মাটি অধিগ্ৰহণ কৰে আৰু তেওঁলোকৰ অধিকাৰৰ ওপৰত নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ অসমত মই প্ৰত্যক্ষ কৰিছো যে ৪০ শতাংশ জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী । এনে পৰিস্থিতিয়েই পশ্চিমবংগতো দেখা গৈছে ৷ আমাৰ ভৱিষ্যত ৰক্ষাৰ বাবে ঝাৰখণ্ডতো একেধৰণৰ পৰিস্থিতি ৰোধ কৰাটো অতি গুৰুত্বপূৰ্ণ । ইয়াৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব ৷ ঝাৰখণ্ডত বলপূৰ্বক ধৰ্মান্তৰকৰণ দৰে প্ৰত্যাহ্বানসমূহ ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ কেন্দ্ৰত বিজেপি চৰকাৰ নিৰ্বাচন কৰাটো প্ৰয়োজনীয় ।’’
উল্লেখ্য যে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী তথা ঝাৰখণ্ডৰ বিজেপি প্ৰাৰ্থী অৰ্জুন মুণ্ডাৰ প্ৰচাৰৰ বাবে খুঁটি বিধান সভা সমষ্টিৰ অন্তৰ্গত তামাৰত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সভাস্থলীত উপস্থিত হ’ব নোৱাৰে ৷ পৰৱৰ্তী সময়ত মোবাইল ফোনযোগে সমবেত জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
জে এম এম নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰক সমালোচনা কৰি ড৹ শৰ্মাই কয়, ‘‘ঝাৰখণ্ডত উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমাণে প্ৰতিফলিত কৰে যে ইয়াত কিমান দুৰ্নীতি হৈছে । যেতিয়া এজন মন্ত্ৰীৰ ব্যক্তিগত সচিবৰ ঘৰুৱা সহায়কৰ পৰা ৩৫ কোটি টকা উদ্ধাৰ কৰা যায়, তেতিয়া ইয়াৰ পৰাই দুৰ্নীতিৰ পৰিসৰৰ ইংগিত পোৱা যায় । এই দুৰ্নীতি উচ্চেদ কৰাৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ আহ্বান জনাইছো ।’’
লগতে পঢ়ক: মুছলমানসকলে যি সংৰক্ষণ পাই আছে, শেষ হ’ব লাগে: হিমন্ত বিশ্ব শৰ্মা

