ETV Bharat / politics

গুৱাহাটীত অভিলেখ গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ মাৰাথন প্ৰচাৰ, কৰিছে বহু ঘোষণা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:45 PM IST

HIMANTA BISWA SARMA
গুৱাহাটীত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে গুৱাহাটী মহানগৰীৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত । প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হ’ল মুখ্যমন্ত্ৰীগৰাকী ৷

গুৱাহাটী, ৩০ এপ্ৰিলঃ ৭ মে’ত গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন গেৰুৱা বাহিনীৰ বাবে সন্মানৰ যুঁজ হৈ পৰিছে । কাৰণ গুৱাহাটী সমষ্টিত শাসকীয় দলটোৱে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইতিমধ্যে মুখ্যমন্ত্ৰীকে ধৰি দলীয় নেতৃত্বই গুৱাহাটী সমষ্টিত অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি দাবী কৰিছে ।

তেনে পৰিপ্ৰেক্ষিতত গুৱাহাটী সমষ্টিক লৈ বিজেপিৰ সন্মানৰ ৰক্ষাৰ কথা আছে আৰু তাৰ বাবে গেৰুৱা বাহিনীয়ে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে । ইতিমধ্যে খোদ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে । মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গুৱাহাটী মহানগৰীৰ ভিতৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ।

ৰাজগড় বিহুতলীত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা :

নিৰ্বাচনী প্ৰচাৰৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘লোকসভা নিৰ্বাচন মানেই দেশ নিৰ্মাণৰ লক্ষ্য ৷ বিজেপিয়ে ইতিমধ্যেই কৈছে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী কোন । কিন্তু এই মুহূৰ্তলৈকে বিৰোধীয়ে কোৱা নাই প্ৰধানমন্ত্ৰী কোন হ'ব ? কোভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিদৰে যুজঁ দিলে, বিৰোধীৰ বেলেগ কোনো প্ৰধানমন্ত্ৰীয়ে তেনেদৰে কাম কৰিব পাৰিলেহেঁতেন জানো?’’

সন্ত্ৰাসবাদ, উগ্ৰপন্থী আদিৰ বিৰুদ্ধে যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত গ্ৰহণ কৰি কঠোৰভাৱে দমন কৰিলে আনৰ দিনত তেনে হোৱা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে । অসমৰ লগতে সমগ্ৰ দেশত আজি শান্তি-শৃংখলা উন্নত হ’লও উল্লেখ কৰে ড৹ শৰ্মাই ৷ তেওঁ কয় যে ৭ হাজাৰতকৈ অধিক যুৱকে মাৰণাস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ আহিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ যিমানবাৰ আহিছে পূৰ্বতে কোনো প্ৰধানমন্ত্ৰী তেনেকৈ অসমলৈ অহা নাছিল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে নৰেন্দ্ৰ মোদীয়ে অসমীয়া গামোচাখনক যিমান সন্মান দিছে কোনো প্ৰধানমন্ত্ৰীয়েই আগতে দিয়া নাছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে । লগতে তেওঁ সদৰী কৰে যে খানাপাৰাত নিৰ্মাণ হৈ থকা প্ৰেক্ষাগৃহ ডিচেম্বৰত সম্পূৰ্ণ হ’ব । য’ত ৬ হাজাৰ মানুহে একেলগে বহি অনুষ্ঠান চাব পাৰিব ।

ইফালে লাচিত ঘাটৰ পৰা উজান বজাৰলৈ নতুন দলং নিৰ্মাণ হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ চাব পৰাকৈ হ’ব এইখন নতুন দলং । অহা ১ বছৰত নতুনকৈ ৫০ হাজাৰ চাকৰি হ'ব । সম্পূৰ্ণ বিনামূলীয়া হ’ব একাদশ-দ্বাদশ শ্ৰেণীৰ নামভৰ্তি ।

আনহাতে কংগ্ৰেছৰ দিনত বিতৰণ কৰা সূতা, কম্বল, লুঙী, ধূতি আৰু আঁঠুৱাক পঞ্চামৃত বুলি সমালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । 2025 চনৰ জুলাই মাহৰ ভিতৰত গুৱাহাটীত ১.৫০ লাখ পৰিয়ালে খোৱাপানী লাভ কৰিব বুলি মন্তব্য কৰে ড৹ শৰ্মাই । লগতে তেওঁ কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ সংযোগী দলং ।

এই বৰ্ষৰ ডিচেম্বৰ মাহত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হ’ব গুৱাহাটীত । MMC ৰ কামো এই বর্ষতেই সম্পূৰ্ণ হ’ব World Class Super Specifically সুবিধা থাকিব নতুনকৈ নিৰ্মাণ কৰা MMC. মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভোট লাগিলে BJP ক দিয়ক বা নিদিয়ক, লাগিলে বিৰোধীকেই দিয়ক কিন্তু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আৰ্য মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা:

আৰ্য মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অমিত শ্বাহৰ ৰোড শ্ব’ সফল কৰাৰ বাবে ৰাইজক ধন্যবাদ জনায় । নিৰ্বাচনৰ দিনটোত প্ৰতিগৰাকী ভোটাৰক ভোট দিবলৈ আহ্বান জনাই কয় যে গুৱাহাটীত বিজেপি জিকাটো নিশ্চিত । ৪-৫ লাখ ভোটত জিকাটোহে ডাঙৰ কথা বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

তেওঁ লগতে ক‌য় যে, ক’ভিডৰ সময়ত দেশত প্ৰধানমন্ত্ৰী মোদী নথকাহেঁতেন আজি আমি সুৰক্ষিত হৈ থাকিব নোৱাৰিলোহেঁতেন ৷ মনমোহন সিং প্ৰধানমন্ত্ৰী থাকোতে দেশত সন্ত্ৰাসবাদীয়ে বহুবাৰ আক্ৰমণ কৰিছিল বুলি কৈ মুখ্যমন্ত্ৰী কয় যে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিচত দেশত সন্ত্ৰাসবাদ নিৰ্মূল হ’ল ৷ অসমৰ গামোচাক মোদীয়ে পৃথিৱীৰ চুকে-কোণে বিয়পাই দিলে বুলিও কয় ড৹ শৰ্মাই ৷

আনহাতে, ভূপেন হাজৰিকাক ভাৰতৰত্ন, লাচিত বৰফুকনক দেশৰ চাৰিওফালে চিনাকি কৰাই দিয়াজন প্ৰধানমন্ত্ৰী মোদী বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে আজিৰ দিনত অসমত ৰাতি ২ বজাতো দোকান খুলিব পৰা অৱস্থা হ'ল, নাই কোনো সন্ত্ৰাসবাদী সমস্যা ৷

লগতে পঢ়ক: ৰংজুলিত বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.