ETV Bharat / entertainment

লছ এঞ্জেলছত হীৰামাণ্ডীৰ প্ৰিমিয়াৰ, চাওক এইসকল তাৰকাৰ গ্ৰেমাৰাছ লুক - Heeramandi Los Angeles Premiere

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:14 PM IST

Heeramandi Los Angeles Premiere
লছ এঞ্জেলছত হীৰামাণ্ডীৰ প্ৰিমিয়াৰ, চাওক এইসকল তাৰকাৰ গ্ৰেমাৰাছ লুক

Heeramandi Los Angeles Premiere: সম্প্ৰতি সকলোৰে মুখে মুখে ব্যাপক চৰ্চা লাভ কৰিছে আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডীয়ে ৷ শেহতীয়াকৈ মুম্বাইত ছিৰিজটোৰ গ্ৰেণ্ড প্ৰিমিয়াৰৰ অনুষ্ঠিত হোৱাৰ পিচতেই মঙলবাৰে লছ এঞ্জেলছত হীৰামাণ্ডী– দ্য ডায়মণ্ড বজাৰৰ প্ৰিমিয়াৰ অনুষ্ঠিত কৰা হয় ৷ এই প্ৰিমিয়াৰ শ্ব’ত বহুতো তাৰকা উপস্থিত আছিল ।

চিটাৰা ডেস্ক, 30 এপ্ৰিল : অহা 1 মে’ত নেটফ্লিক্সত মুক্তি লাভ কৰিব সঞ্জয় লীল ভাঞ্চালীৰ আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডী ৷ ছিৰিজখনৰ ট্ৰেইলাৰ মুক্তি হোৱাৰ পিচৰে পৰা ছিৰিজখনে দৰ্শকৰ পৰা সঁহাৰি লাভ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷

শেহতীয়াকৈ মুম্বাইত ৱেব ছিৰিজখনৰ এক বিশাল প্ৰিমিয়াৰ প্ৰদৰ্শন কৰাৰ পিচতেই আজি 30 এপ্ৰিলত লছ এঞ্জেলছত ৱেব ছিৰিজনখৰ প্ৰিমিয়াৰ শ্ব’ ৰখা হয় ৷ অহা 1 মে'ত নেটফ্লিক্সত বিশ্বব্যাপী প্ৰিমিয়াৰ হ’ব ছিৰিজখন ৷ ইতিমধ্যে নিৰ্মাতাসকলে অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলত প্ৰিমিয়াৰৰ এক আভাস শ্বেয়াৰ কৰে ৷

লছ এঞ্জেলছত হীৰামাণ্ডীৰ প্ৰিমিয়াৰ

সঞ্জয় লীলা ভাঞ্চালীৰ প্ৰথমখন ৱেব ছিৰিজ হীৰামাণ্ডী মুক্তিৰ পূৰ্বে লছ এঞ্জেলছৰ ইজিপ্তিয়ান থিয়েটাৰত প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয় ৷ এই প্ৰিমিয়াৰত ৰুশি কোটা, পুনম পেটেল, নিশা গণাত্ৰা, জয়া কাজী, টেশৰ, ৰাধী দেৱলুকিয়া ছেট্টী, কেভিন ক্ৰেডাৰ লগতে বহুতো তাৰকাৰ উপস্থিতিত প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হয় ৷ এইটো বিদেশত দেখুওৱা প্ৰথমখন ৱেব ছিৰিজৰ প্ৰিমিয়াৰ শ্ব’ ৷ সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে ৱেব ছিৰিজখনৰ অভিনেত্ৰী শৰ্মিন শ্বেহগলো প্ৰিমিয়াৰত উপস্থিত আছিল ৷

হীৰামাণ্ডী সঞ্জয় লীলা ভাঞ্চালীৰ 18 বছৰীয়া পৰিকল্পনা :

এই ছিৰিজখনৰ সন্দৰ্ভত সঞ্জয় লীলা ভাঞ্চালীয়ে কয়, "হীৰামাণ্ডীৰ চিত্ৰনাট্য আকৰ্ষণীয় আছিল । এখন ছিৰিজখনৰ কাহিনী বহুত দীঘল আছিল ৷ এই ছিৰিজখন নিৰ্মাণৰ পৰিকল্পনা মই 18 বছৰৰ পূৰ্বেই কৰিছিলো ৷ কিন্তু তেতিয়া কোনো অ'টিটি প্লেটফৰ্ম নাছিল, অৱশেষত মই এই অ'টিটি প্লেটফৰ্মৰ সঠিকভাৱে ব্যৱহাৰ কৰাৰ উদ্দেশ্যৰে ছিৰিজখন অ’টিটি প্লেটফৰ্মত উপস্থাপন কৰাৰ কথা ভাবিলো" ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই ৱেব ছিৰিজখনত মনীষা কৈৰালা, সোণাক্ষী সিনহা, ৰিচা চাদ্দা, অদিতি ৰাও হায়দৰী, সঞ্জীদা শ্বেখ আৰু শৰ্মিন শ্বেহগলে অভিনয় কৰে ৷ আনহাতে ছিৰিজখনত ফাৰদীন খান, শেখৰ সুমন আৰু অধ্যয়ন সুমনে সহায়ক চৰিত্ৰত অভিনয় কৰিছে ৷

লগতে পঢ়ক: প্ৰত্যাখ্যানৰ পিচতো সঞ্জয় লীলা ভাঞ্চালীক ধন্যবাদ জ্ঞাপন অভিনেতা ফাৰদীন খানৰ - Fardeen Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.