ETV Bharat / entertainment

দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ আঁজুৰিলে চুটি ছবি অপৰাধে - Oporadh wins two National Awards

author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 9:46 PM IST

65th short film festival : চলচিত্ৰপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ যোৰহাটত নিৰ্মিত এখন চুটি ছবিয়ে কঢ়িয়াবলৈ সক্ষম হৈছে এটা নহয়, দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৷ কলকাতাত অনুষ্ঠিত ৬৫ সংখ্যক চুটি ছবি মহোৎসৱত এই দুটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অপৰাধ নামৰ চুটি ছবিখনে ৷

65TH SHORT FILM FESTIVAL
৬৫ সংখ্যক চুটি ছবি মহোৎসৱত পুৰস্কাৰ লাভ (Source : Etv Bharat Assam)

৬৫ সংখ্যক চুটি ছবি মহোৎসৱত পুৰস্কাৰ লাভ (Source : Etv Bharat Assam)

যোৰহাট, ২০ মে': ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল চুটি ছবি অপৰাধ ৷ যোৰহাটৰ মা মুভিজৰ বেনাৰত নিৰ্মিত "অপৰাধ" শীর্ষক চুটি ছবিখনে দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, বিগত বর্ষৰ ২৪ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ পশ্চিমবংগৰ কলকাতাৰ গৰিয়াহাটত স্পাইছ গ্ৰুপ অৱ কলকাতাই আয়োজন কৰিছিল ৬৫ সংখ্যক চুটি ছবি মহোৎসৱ ৷

যোৰহাটৰ সাংবাদিকদ্বয় ক্ৰমে উৎপল দাসৰ দ্বাৰা প্ৰযোজিত আৰু কংকনজ্যোতি শৰ্মাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত "অপৰাধ" শীৰ্ষক চুটি ছবিখনে এই মহোৎসৱত অংশগ্ৰহণ কৰি লাভ কৰিবলৈ সক্ষম হয় দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ ৷ চুটি ছবিখনৰ অভিনেতা সুৰজ শইকীয়াই শ্ৰেষ্ঠ খলনায়কৰ বঁটা আৰু নিকিতা বৰাই শ্ৰেষ্ঠ শিশুশিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

তাৎপৰ্যপূৰ্ণ যে, সমাজৰ বাস্তৱধৰ্মী এক কাহিনীৰ আধাৰত, এক সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা চুটি ছবিখনৰ কাৰিকৰী নিৰ্দেশনা আৰু সম্পাদনাৰ দায়িত্বত আছিল প্ৰদীপ পাল ৷ চুটি ছবিখনৰ মুঠ দৈৰ্ঘ হৈছে ১২ মিনিট ৷ সোমবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত ছবিখনৰ সফলতাৰ বিষয়ে উল্লেখ কৰে ছবিখনৰ প্ৰযোজক আৰু পৰিচালকগৰাকীয়ে ৷ সংবাদমেলখনত পুৰস্কাৰ লাভ কৰা অভিনেতা সুৰজ শইকীয়া, নিকিতা বৰাৰ লগতে আন এগৰাকী শিশুশিল্পী প্ৰিয়াক্ষী বৰাও উপস্থিত থাকে ৷

এই চুটি ছবিখন দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’বলগীয়া চুটি ছবি মহোৎসৱৰ বাবে প্ৰেৰণ কৰা হ’ব বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে ৷ এই খবৰে যোৰহাটবাসীলৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ ৷

লগতে পঢ়ক: দুশ বছৰ পুৰণি আৰ্হিৰ মুগাৰ সাজ পিন্ধি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ আইমী বৰুৱাৰ - Cannes Film Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.