ETV Bharat / politics

মুখ্যমন্ত্রীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্র তৃণমূল কংগ্ৰেছ অসমৰ - Complaint against Assam CM

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 10:23 PM IST

TMC FILES COMPLAINT AGAINST CM HIMANTA: ১৫ মে'ত ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য় । জ্ঞানবাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰা হ'ব বুলিও মন্তব্য় কৰিছিল । সেয়েহে মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ।

CM Controversial comment
অসম তৃণমূল কংগ্ৰেছ (ETV BHARAT ASSAM)

গুৱাহাটী, ১৭ মে': নিৰ্বাচনী প্ৰচাৰৰ নামত দেশৰ বিভিন্ন ঠাইত ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অসম তৃণমূল কংগ্ৰেছে । অসম তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্রীগৰাকীৰ বিৰুদ্ধে উগ্ৰ-সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক ভাষণৰ যোগদি সমাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে ।

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা অভিযোগ পত্রৰ যোগেদি তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় । অভিযোগ পত্রখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৫ মে'ত ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণৰ প্ৰসংগত মুছলমানৰ বিৰুদ্ধে কৈ হিন্দু সম্প্ৰদায়ক উচতনি দিছিল বুলি উল্লেখ কৰে ।

মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত মোগলসকলে সমগ্ৰ দেশখন লেতেৰা কৰাৰ কথা সদৰি কৰি এতিয়া হিন্দুসকলে ইয়াক পৰিষ্কাৰ কৰিব লাগিব বুলি কৈছিল । আনহাতে, মুখ্যমন্ত্রীয়ে উচতনি দি কৈছিল যে যদি এইবাৰ বিজেপিয়ে ৪০০ খন আসন লাভ কৰে তেন্তে জ্ঞানবাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰা হ'ব ।

CM Controversial comment
অসম তৃণমূল কংগ্ৰেছ (ETV BHARAT ASSAM)

সেইদৰে ধন আত্মসাতৰ গোচৰত ঝাৰখণ্ডৰ মন্ত্ৰী আলমগিৰ আলমক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কৈছিল যে আমি হিন্দুসকলে এইটো সহ্য কৰিব নালাগে আৰু মুছলমান সকলে ইমান বৃহৎ পৰিমাণৰ ধন তেওঁলোকৰ জিম্মাত ৰাখিব দিব নালাগে । মুখ্যমন্ত্রীগৰাকীয়ে আৰু কৈছিল যে কেৱল মুছলমান নেতাসকলে এনে ধৰণৰ অপৰাধ কৰিব পাৰে । ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ মিডিয়া লিংক অভিযোগ পত্রৰ সৈতে সংলগ্ন কৰি নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে তৃণমূল কংগ্ৰেছে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰাৰ লগতে হিন্দুসকলক মুছলমানসকলৰ বিৰুদ্ধে প্ৰৰোচিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছে । তৃণমূল কংগ্ৰেছে অভিযোগ কৰি কয় যে মুখ্যমন্ত্রীৰ বক্তব্য কেৱল অসাংবিধানিকেই নহয়, নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ গুৰুতৰ উলংঘন । যাৰ বাবে তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে ।

লগতে পঢ়ক:ওড়িশাত নবীন পাটনায়ক চৰকাৰক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Lok Sabha Election 2024

স্বাতী মালিৱাল আক্ৰমণ গোচৰক লৈ কেজৰিৱালক কটাক্ষ অসমৰ মুখ্যমন্ত্ৰীৰ - Swati Maliwal Assault Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.