ETV Bharat / politics

৪০০ৰো অধিক আসনত জয়ী হ’ব বিজেপি; আত্মবিশ্বাসেৰে ক’লে জেপি নাড্ডাই - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:51 PM IST

LS polls 2024: লোকসভা নিৰ্বাচনত এনডিএ-ই ৪০০ৰো অধিক আসন লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বুলি আস্থা প্ৰকাশ কৰে বিজেপিৰ সভাপতি জে পি নাড্ডাই । লগতে তেওঁ দৃঢ়তাৰে কয় যে দিল্লীৰ সাতখন আসনতে গেৰুৱা দলটো জয়ী হ’ব ।

LS polls 2024
J P NADDA (ETV Bharat)

নিউজ ডেস্ক, ২১ মে’: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠন কৰিব আৰু ৪০০ৰো অধিক আসন লাভ কৰিব ।

বিজেপিৰ মুৰব্বীগৰাকীয়ে ইটিভি ভাৰতৰ আগত কয়, "ভাৰত আৰু দিল্লীৰ জনসাধাৰণে বিজেপিক আশীৰ্বাদ দিবলৈ আগ্ৰহী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু নেচনেল ডেম'ক্ৰেটিক মিত্ৰজোঁটেই (NDA) চৰকাৰ গঠন কৰিব ৷ বিজেপিৰ ঢৌ প্ৰবাহিত হৈ আছে । আমি (এন ডি এ) ৪০০ আসন অতিক্ৰম কৰিম । দিল্লীৰ সাতখন আসনতে আমি জয়ী হ’ম ।’’

লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ হৈছে আৰু নাড্ডাই অনুভৱ কৰিছে যে বিজেপিয়ে এতিয়ালৈকে ৩০০ আসন অতিক্ৰম কৰিছে । বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি আগবাঢ়িছে, আমি ৩০০খন আসন অতিক্ৰম কৰিছো আৰু আগবাঢ়ি গৈ আমি (বিজেপি) ৩৭০খন আসন অতিক্ৰম কৰিম ।

লগতে পঢ়ক: ভাৰতৰ সকলো লোক পাকিস্তানী নেকি ? অমিত শ্বাহক তীব্ৰ সমালোচনা কেজৰিৱালৰ - Kejriwal Slams Amit Shah

দক্ষিণ ভাৰতত বিজেপিৰ অৱস্থা কেনেকুৱা হ’ব বুলি সোধাত নাড্ডাই কয় যে আমি ৩৭০ (আসন) অতিক্ৰম কৰিম । দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভিত্তিহীন অভিযোগ উত্থাপন কৰি আহিছে বুলিও নাড্ডাই তীব্ৰ সমালোচনা কৰে ।

"(ৰাজ্যসভাৰ সদস্য) স্বাতী মালিৱালৰ লগত অসৎ আচৰণ কৰা হৈছিল আৰু আপুনি (কেজৰিৱাল) চাৰিদিন মৌন হৈ থাকিল ৷ মিছা কথা কোনে কৈছে ?" নড্ডাই প্ৰশ্ন কৰে । তেওঁ আৰু কয় যে কেজৰিৱালে মিছা অভিযোগ উত্থাপন কৰিছে ৷ তেওঁক দিল্লী আৰু ভাৰতৰ জনসাধাৰণৰ সন্মুখত উদঙাই দিয়া হৈছে ।

লগতে পঢ়ক: SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

বৰ্তমান দিল্লী সুৰা নীতিৰ গোচৰত জামিনত থকা কেজৰিৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি নাড্ডাই কয় যে তেওঁৰ দ্বৈত চৰিত্ৰ পোহৰলৈ আহিছে আৰু মানুহে তেওঁক ক্ষমা নকৰে ।

সংৰক্ষণৰ বিষয়ক লৈ কংগ্ৰেছৰ নেতৃত্বত থকা INDIA ব্লককো তীব্ৰ সমালোচনা কৰে । তেওঁ শেষত কয় যে কংগ্ৰেছ আৰু ইণ্ডিয়া ব্লকে দুখীয়া, দলিতৰ সংৰক্ষণ কাঢ়ি লৈ মুছলমানক সন্তুষ্ট কৰি আহিছে আৰু প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোদী)ৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক: কেজৰিৱাল ডাঙৰ গুণ্ডা; দুৰ্নীতিগ্ৰস্ত লোকৰ গোট ইণ্ডি মিত্ৰজোঁট: জেপি নাড্ডা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.