ETV Bharat / politics

৪০০ আসন লাভৰ পিচত প্ৰকৃত খেল আৰম্ভ হ'ব; ৰামগড়ত হিমন্ত বিশ্ব শৰ্মা - lok sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 7:03 PM IST

BJP election rally in Ramgar : লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰসকলৰ মাজত এগৰাকী হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । বিজেপিৰ এইবাৰৰ শ্লোগান হৈছে 'এইবাৰ 400 পাৰ' । হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰচাৰ সভাত এই শ্লোগান বাৰে বাৰে আওৰাইছে । ইতিমধ্যে চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ গৈছে আৰু তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী আছে । বুধবাৰে ঝাৰখণ্ডৰ ৰামগড়ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

BJP election rally in Ramgar
ঝাৰখণ্ডৰ ৰামগড়ত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Jharkhand)

ঝাৰখণ্ডৰ ৰামগড়ত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (ETV Bharat Jharkhand)

নিউজ ডেস্ক, ১৫ মে' : অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ঝাৰখণ্ডত এক নিৰ্বাচনী সভা সম্বোধন কৰে । ৰাজ্যখনৰ ৰামগড়ৰ ৰাজৰাপ্পা চিচিএল খেলপথাৰত হাজাৰিবাগ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মণীষ জয়ছোৱালৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায় । এই সভাত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ দীপক প্ৰকাশ, ৰামগড়ৰ বিধায়ক সুনীতা চৌধুৰীকে ধৰি বহুকৈইগৰাকী নেতা আৰু কৰ্মী উপস্থিত থাকে । নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু জেএমএমক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰে । লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ জনসভাত উপস্থিত ৰাইজক আহ্বান জনায় ।

হিমন্ত বিশ্ব শৰ্মাই কয়, "চাৰিটা পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু ইয়াত কোনো সন্দেহ নাই যে মোদীজীয়ে ৪০০ আসন অতিক্ৰম কৰি পুনৰবাৰ কেন্দ্ৰত চৰকাৰ গঠন কৰিব ।" আনহাতে, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ কয় যে ৰাহুল বাবাৰ মাত্ৰ এটা সপোন আছে যে কোনো কাৰণতে 400 অতিক্ৰম কৰিব নালাগে ।

তেওঁ লগতে কয়, "পূৰ্বতে যেতিয়া বিজেপিৰ ৩৩০ খন আসন আছিল, তেতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে । মন্দিৰ নিৰ্মাণৰ পিচত হিন্দু সমাজৰ লগতে প্ৰতিজন ভাৰতীয়ৰে এক তীব্ৰ উৎসাহৰ সৃষ্টি হৈছে ।"

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত কয় যে ৪০০ খন আসন পোৱাৰ পিচত প্ৰকৃত খেল আৰম্ভ হ'ব । "যেতিয়া আমি 300 অতিক্ৰম কৰিছিলোঁ, আমি 370 বিলোপ কৰিছিলোঁ । বাবৰি মছজিদৰ ঠাইত এটা বিশাল ৰাম মন্দিৰ নিৰ্মাণ কৰিছিলোঁ, চিএএ আহিছিল । এইবাৰ যেতিয়া 400 অতিক্ৰম কৰা হ'ব, আমি পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ সৈতে একত্ৰিত কৰিম, কৃষ্ণ জন্মভূমি মন্দিৰ আৰু জ্ঞানৱাপী মন্দিৰো নিৰ্মাণ কৰা হ'ব । লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ ইউনিফৰ্ম চিভিল কোডো প্ৰস্তুত কৰা হ'ব । গতিকে আমাক ৪০০ খন আসনৰ প্ৰয়োজন ।" বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে কয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, "মই এনে এখন ৰাজ্যৰ পৰা আহিছোঁ, য'ত ৩৬% মুছলমানে বাস কৰে । মোক সোধা হয় যে আপুনি মুছলমান ভাতৃসকলৰ মাজলৈ যায়নে নাযায় । এই বিষয়ে মই কওঁ যে মই সদায় তেওঁলোকৰ মাজলৈ যাওঁ আৰু তেওঁলোকক কওঁ যে তিনিবাৰকৈ বিবাহ নকৰিব, ইয়াক বন্ধ কৰক । মাতৃসকলেও বিচাৰে যে তিনিবাৰকৈ বিবাহ কৰোৱাটো বন্ধ হওক ।"

আনহাতে, প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত তেওঁ কয়, "মণীষ জয়ছোৱালে হাজাৰিবাগৰ পৰা জিকিব লাগিব । একে সময়তে সমগ্ৰ ঝাৰখণ্ডত বিজেপি জয়ী হ'ব লাগিব ।" মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ঝাৰখণ্ডলৈও অনুপ্ৰৱেশকাৰী আহিবলৈ আৰম্ভ কৰিছে । অনুপ্ৰৱেশকাৰীয়ে জনজাতীয় হ'বলৈ চেষ্টা কৰি আছে । সেয়েহে আমি এনে এখন চৰকাৰ গঠন কৰিব লাগিব, যিয়ে অনুপ্ৰৱেশকাৰীসকলক প্ৰৱেশ কৰিবলৈ অনুমতি নিদিয়ে । ইয়াৰ বাবে তেওঁ লোকসভাত জয়ী হোৱাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ঝাৰখণ্ডত ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিব লাগিব বুলি কয় ।

আনহাতে, কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয়, "কংগ্ৰেছে কয় যে যদি তেওঁলোকৰ চৰকাৰ আহে, তেওঁলোকে সংৰক্ষণ সলনি কৰিব । মোদীজী প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা নাই, তেওঁ 10 বছৰ ধৰি প্ৰধানমন্ত্ৰী হৈ আছে । কিন্তু তেওঁ এছচি, এছটি আৰু অ'বিচিৰ বাবে সংৰক্ষণ হ্ৰাস কৰিছিল নেকি ? মোদীজীৰ সময়ত এগৰাকী জনজাতীয় মহিলাক দেশৰ ৰাষ্ট্ৰপতি কৰা হৈছে । কৰ্ণাটকত কংগ্ৰেছে অ'বিচিসকলৰ বাবে সংৰক্ষণ হ্ৰাস কৰি মুছলমানসকলৰ বাবে সংৰক্ষণ বৃদ্ধি কৰিছে । অন্ধ্ৰপ্ৰদেশতো মুছলমানসকলক সংৰক্ষণ দিয়া হৈছে । সেয়েহে আমাৰ ভাৰতত ধৰ্মৰ ভিত্তিত সংৰক্ষণ কৰিব নোৱাৰি । আমাৰ ভাৰতত যিসকল সংৰক্ষণৰ অধিকাৰী তেওঁলোক হৈছে অনুসূচিত জাতি, জনজাতি আৰু অ'বিচিৰ ।"

লগতে পঢ়ক :কংগ্ৰেছ দলে ধৰ্মৰ আধাৰত শ্ৰেণী সংৰক্ষণৰ পোষকতা কৰে: হিমন্ত বিশ্ব শৰ্মা - LOK SABHA ELECTION 2024

লগতে পঢ়ক :সংবিধান সলনিৰ কথা কোৱা নেতাসকলক প্ৰধানমন্ত্ৰী মোদীয়ে কিয় নিলম্বন নকৰে: খাৰ্গেৰ প্ৰশ্ন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.