ETV Bharat / international

পুনৰ আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ; পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ - Indian Student Death In US

author img

By PTI

Published : Apr 6, 2024, 7:48 AM IST

Indian Student Death In US : বিদেশৰ মাটিত পুনৰ কৰুণ মৃত্যুক সাৱটিলে ভাৰতীয় ছাত্ৰই ৷ মৃত্যু হোৱা ছাত্ৰজন উমা সত্য ছাই গাড্ডে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত ৷

Indian Student Death In US :
পুনৰ আমেৰিকাত মৃত্যু ভাৰতীয় ছাত্ৰৰ; পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 এপ্ৰিল: বিদেশত পুনৰ ৰহস্যজনকভাবে মৃত্যুক সাৱটিলে এগৰাকী ভাৰতীয় ছাত্ৰই ৷ আমেৰিকাৰ অহাঅ’ত এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু ঘটিছে বুলি নিউয়ৰ্কত থকা ভাৰতীয় দূতাৱাসে শুকুৰবাৰে জনাইছে ৷ আৰক্ষীয়ে এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে ৷

মৃত্যু হোৱা ছাত্ৰজন উমা সত্য ছাই গাড্ডে বুলি ভাৰতীয় দূতাৱাসে জনায় ৷ অহিঅ’ৰ ক্লিভলেণ্ডত থকা ভাৰতীয় ছাত্ৰজনৰ দুৰ্ভাগ্যজনক মৃত্যুত দুখ প্ৰকাশ কৰি নিউয়ৰ্কত থকা ভাৰতৰ কনছুলেট জেনেৰেলে X যোগে এটা পোষ্টত দি কয়, "এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছে আৰু ভাৰতত পৰিয়ালটোৰ সৈতে যোগাযোগ অব্যাহত আছে । উমা গাড্ডেৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ লৈ যোৱাকে ধৰি সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা হৈছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, 2024 চনৰ আৰম্ভণিৰ পৰা উদ্বেগজনকভাৱে আমেৰিকাত ভাৰতীয় আৰু ভাৰতীয় মূলৰ ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে । আক্ৰমণৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পোৱাটোৱে সমাজৰ মাজত উদ্বেগ সৃষ্টি কৰিছে । যোৱা মাহত মিছৌৰীৰ ছেইণ্ট লুইছত 34 বছৰীয়া ভাৰতীয় প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী অমৰনাথ ঘোষক গুলীয়াই হত্যা কৰা হৈছিল ।

যোৱা 5 ফেব্ৰুৱাৰীত ইণ্ডিয়ানাৰ প্ৰকৃতি সংৰক্ষিত বনাঞ্চলত মৃত অৱস্থাত উদ্ধাৰ হৈছিল পাৰ্ডু বিশ্ববিদ্যালয়ৰ 23 বছৰীয়া ভাৰতীয়-আমেৰিকান ছাত্ৰ সমীৰ কামাথক । 2 ফেব্ৰুৱাৰীত ৱাশ্বিংটনৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত আক্ৰমণৰ সময়ত ভাৰতীয় মূলৰ 41 বছৰীয়া আই টি ক্ষেত্ৰৰ কৰ্মচাৰী বিবেক তানেজা সংকটজনকভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ যোৱা কেইমাহমানৰ ভিতৰত ভাৰতীয় বা ভাৰতীয়-আমেৰিকানৰ এয়া আছিল সপ্তমটো মৃত্যু ৷"

ভাৰতীয় আৰু ভাৰতীয় মূলৰ ব্যক্তি/ছাত্ৰৰ ওপৰত হোৱা ধাৰাবাহিক আক্ৰমণৰ ফলত ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাস আৰু বিভিন্ন স্থানত থকা ইয়াৰ দূতাবাসৰ বিষয়াসকলে সমগ্ৰ আমেৰিকাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাৰ্চুৱেল ভাৱ-বিনিময়ৰ অনুষ্ঠান অনুষ্ঠিত কৰিছিল ৷ চাৰ্জ ডি এফেয়াৰ্ছ এম্বেছাদৰ শ্ৰীপ্ৰিয়া ৰংগনাথনৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত প্ৰায় 150 গৰাকী ভাৰতীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আমেৰিকাৰ 90 খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ উপৰিও আটলান্টা, চিকাগো, হিউষ্টন, নিউয়ৰ্ক, ছান ফ্ৰান্সিস্কো আৰু ছিয়াটলত ভাৰতৰ কনছুল জেনেৰেলসকলেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: জাহ্নৱী কান্দুলাৰ মৃত্যুৰ গোচৰ, খুন্দিয়াই থৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে নাই কোনো প্ৰমাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.