ETV Bharat / health

Covid-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ’লে কি কৰিব ? চিকিৎসকৰ পৰা জানি লওক - Covishield Vaccine Side Effects

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 1:10 PM IST

Are Covid-19 vaccines affecting the heart? What doctors say
Covid-19 ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ’লে কি কৰিব ? চিকিৎসকৰ পৰা জানি লওক

Covishield Vaccine Side Effects : যদি আপুনিও ভেকচিনৰ পাৰ্শ্বক্ৰিয়া জানি নিজৰ লগতে নিজৰ পৰিয়ালৰ বাবে চিন্তিত হৈ আছে, তেন্তে প্ৰথমে ভয় কৰাটো বন্ধ কৰক । উক্ত প্ৰতিবেদনৰ জৰিয়তে জানি লওক এই সন্দৰ্ভত চিকিৎসকে কি কয় -

AstraZeneca ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ খবৰে সম্প্ৰতি বহু লোকৰ উত্তেজনা বৃদ্ধি কৰিছে ৷ ভাৰতৰ বহু লোকে এই কোম্পানীৰ Covishield ভেকচিন লাভ কৰিছে ৷ কোম্পানীটোৱে আদালতৰ নথি-পত্ৰত স্বীকাৰ কৰিছে যে তেওঁলোকৰ ভেকচিনৰ ফলত বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে, যিটো হ’ল থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (টিটিএছ) ৷

ইয়াত তেজ জমা হোৱাৰ লগে লগে প্লেটলেট কমি যাব পাৰে ৷ চিকিৎসকে কয় যে যেতিয়া এনেকুৱা হয়, তেতিয়া এজন ব্যক্তিৰ মগজুৰ ষ্ট্ৰোক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় । যদি আপুনিও এতিয়া কি কৰিব বুলি ভয় কৰে, তেন্তে ইয়াত চিকিৎসকে কি কয় জানি লওক-

ক্লট গঠন হ’ব পাৰে

Covishield আৰু Vaxzevria ৰ দ্বাৰা ৰক্ত জমা হোৱাৰ সমস্যা হ’ব পাৰে ৷ ভেকচিন প্ৰস্তুত কৰা কোম্পানী এষ্ট্ৰাজেনেকাইও এই কথা মানি লৈছে ৷ নিউৰ’ এণ্ড স্পাইন চাৰ্জন ডাঃ বিকাশ কুমাৰে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰে ৷ য’ত এই খবৰত চিন্তিত হৈ থকাসকলে হয়তো কিছু সকাহ পাব পাৰে ৷ এই খবৰটো বিশ্লেষণ কৰি ড৹ বিকাশে কিছু তথ্য প্ৰকাশ কৰি কয় যে -

তেওঁ কয়, "ভয় খোৱাৰ প্ৰয়োজন নাই টিকাকৰণৰ কেইদিনমানৰ ভিতৰতে পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা অধিক হয় যদিও সময়ৰ লগে লগে ই কমি যায় ৷ ইয়াৰ বাবে পাৰ্শ্বক্ৰিয়া বিৰল কৰি ৰখা হৈছে (অৰ্থাৎ ভেকচিন লোৱা প্ৰতিজন ব্যক্তিৰ এই সমস্যা হোৱাটো বাঞ্চনীয় নহয়) ৷

চিকিৎসক বিকাশে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কিছু টিপছো আগবঢ়ায়...

১) ফল-মূল, শাক-পাচলি, গোটা শস্য, লীন প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বি থকা সুষম খাদ্য গ্ৰহণ কৰক ৷ প্ৰচেছড আৰু ট্ৰান্স ফেটৰ পৰা আঁতৰি থকাটো উপকাৰী ৷

২) নিমখৰ ব্যৱহাৰ কমাই দিব ৷

৩) অত্যধিক ওজন বা মেদবহুলতাই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে ৷ সুস্থ ওজন বজাই ৰাখিব লাগে ৷

৪) দৈনিক ব্যায়াম কৰক (দিনটোত ৩০-৪০ মিনিট) ৷

৫) ধূমপান পৰিহাৰ কৰক ৷

৬) মানসিক চাপ নিয়ন্ত্ৰণ কৰক ৷

৭) নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাব লাগে (উচ্চ বি পি, কলেষ্টেৰল)

লগতে পঢ়ক: সাৱধান : আপুনি Covishield ভেকছিন লৈছিল নেকি ? - Covid Vaccine Side Effects

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.