ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 9th APRIL

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 12:31 AM IST

Daily Horoscope For 9th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 9th April
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : অধিক লাভৰ আশাত কোনো কাম নকৰিব, ই আপোনাক বিপদত পেলাব পাৰে ৷ আইনী কাৰ্যৰ পৰা আতঁৰত থাকক, আৰ্থিক লেনদেনত সৰ্তক হওক । দিনটোৰ প্ৰথম ভাগত দুৰ্ঘটনা হোৱাৰ আশংকা আছে, সাৱধান হৈ গাড়ী চলাওক । ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে । অপ্ৰত্যাশিত অৰ্থ লাভ কৰিব পাৰে ।

বৃষ ৰাশি : পৰিয়াল বা সন্তানৰ ভাল খবৰে আপোনাক প্ৰফুল্লিত কৰিব । শৈশৱৰ বন্ধুক লগ পাব ৷ স্মৃতি ৰোমন্থন হ’ব পাৰে। ব্যৱসায়ীসকলৰ বাবে শুভ দিন ৷ সঠিক স্থানত বিনিয়োগ কৰক । আইনী লেনদেনত সতৰ্ক হওক । ধৰ্মীয় কাৰ্যত ব্যয় কৰক ৷

মিথুন ৰাশি : কৰ্মক্ষেত্ৰত শুভ ৷ ব্যৱসায়ীসকল লাভান্বিত হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ জ্যেষ্ঠসকলক তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনাওক। বন্ধু আৰু পৰিয়ালবৰ্গক সামাজিক অনুষ্ঠানত লগ পাব পাৰে । অপ্ৰত্যাশিত অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে ।

ককৰ্ট ৰাশি : কৰ্মথলীত অশুভ । কাৰো লগত দীঘলীয়া কথা বতৰাত লিপ্ত নহ’ব ৷ দিনটোৰ পিচৰ ভাগত পৰিস্থিতি উন্নত হ’ব । জ্যেষ্ঠ আৰু কনিষ্ঠসকল আপোনাৰ কামত সন্তুষ্ট আৰু সুখী হ’ব। আৰ্থিক স্থিতিও উন্নত হোৱাৰ সম্ভাৱনা আছে ।

সিংহ ৰাশি : স্বাস্থ্য, মন আৰু বাৰ্তালাপ নিয়ন্ত্ৰণ কৰক ৷ পৰিয়ালকেন্দ্ৰিক বিবাদ হ’ব পাৰে, পৰিস্থিতি শান্ত আৰু পৰিপক্ক হ’ব । অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক ৷ নেতিবাচক চিন্তাধাৰা এৰাই চলক ৷ নিজকে ধৰ্মীয় কাম-কাজ, ধ্যান সাধনাত ব্যস্ত ৰাখক ৷

কন্যা ৰাশি : দিনটো আনন্দময় হ’ব ৷ ব্যৱসায়িক দিশত শুভ ৷ বিয়লি ভাগলৈ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ স্বাস্থ্যজনিত কাৰণত বহু ধন ব্যয় হ’ব পাৰে । একেসময়তে, অপ্ৰত্যাশিত আৰ্থিক লাভ হ’ব পাৰে ।

তুলা ৰাশি : আশীৰ্বাদপূৰ্ণ দিন । একাগ্ৰতা, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে কামসমূহ সম্পন্ন কৰক ৷ গাৰ্হস্থ্য জীৱন সুখী আৰু শান্তিপূৰ্ণ হ’ব । স্বাস্থ্য ভালে থাকিব। মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বন্ধুৰ লগত ফুৰিবলৈ অথবা চিনেমা চাবলৈ যাব পাৰে ।

বৃশ্চিক ৰাশি : অধিক আবেগ প্ৰবল হোৱাৰ সম্ভাৱনা আছে। মানসিক ভাৰসাম্যতা বজাই ৰাখক ৷ শিক্ষাৰ্থীসকলৰ বাবে শুভ দিন । সৃষ্টিশীল কামত নিয়োজিত হওক । ঘৰ আৰু কৰ্মথলীত শুভ ৷

ধনু ৰাশি : ঘৰত সুখ শান্তি বৰ্তাই ৰাখক ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷ আপোনাৰ আৰ্থিক আৰু সামাজিক স্থিতিত বিৰোপ প্ৰভাৱ পৰিব পাৰে, সেয়ে সতৰ্ক হওক । সৃষ্টিশীল কামত মনোনিৱেশ কৰক ৷ প্ৰিয়জনৰ লগত সময় কটাওক ৷ শিক্ষাৰ্থীৰ বাবে শুভ ৷

মকৰ ৰাশি : একাগ্ৰ আৰু দৃঢ় হওক ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাবি-চিন্তি লওক ৷ বন্ধুবৰ্গ, আত্মীয় আৰু ভাতৃ-ভগ্নীৰ লগত একেলগে সময় কটাওক। চহৰৰ বাহিৰৰ কোনো সুন্দৰ স্থানত ভ্ৰমণ কৰিবলৈ যাব পাৰে। কোনো অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ‘ব পাৰে। সম্পত্তিৰ লেনদেন কৰোতে সাৱধান হওক ৷

কুম্ভ ৰাশি : সাৱধানতা অৱলম্বন কৰক। নেতিবাচক চিন্তাৰ পৰা সাৱধান হওক ৷ খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্যই আপোনাৰ স্বাস্থ্যৰ হানি কৰিব পাৰে । সৃষ্টিমূলক কাম-কাজে আপোনাক নাম আৰু খ্যাতি প্ৰদান কৰিব ।

মীন ৰাশি : ইতিবাচক শক্তিয়ে আপোনাক উত্‍সাহ আৰু উদ্দীপনা যোগাব । নতুন কাম আৰম্ভ কৰিবলৈ শুভ দিন । পৰিয়ালৰ লগত সময় কটাওক। মনৰ শান্তিৰ বাবে ধৰ্মীয় কাম-কাজ কৰিব পাৰে, অত্যাধিক ব্যয়ৰ পৰা আতঁৰি থাকক। খং নিয়ন্ত্ৰণ কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.