ETV Bharat / politics

অসম নাগৰিক সমাজৰ বিৰোধী ঐক্যমঞ্চ সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থনত পথসভা - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 10:55 PM IST

Election Campaign meeting
অসম নাগৰিক সমাজৰ প্ৰচাৰ সভা

Election Campaign meeting: বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজৰ । ৰাজ্যৰ ভোটদানটোৱে হ'ল জীৱন ৰক্ষাৰ প্ৰধান অস্ত্ৰ বুলি মন্তব্য় বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইৰ ।

গুৱাহাটী, ৩০ এপ্ৰিল: গুৱাহাটীৰ চানমাৰিস্থিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে উদ্যানৰ সন্মুখত মঙলবাৰে ভাৰত জোড়ো অভিযান অসম আৰু অসম নাগৰিক সমাজে লোকসভা নিৰ্বাচন উপলক্ষে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ এখন গোঁহাৰি পত্ৰ ৰাইজৰ মাজত বিতৰণ কৰে । এই পত্ৰত ৰাইজক বৰ্তমান দেশৰ সমস্যা, জাতিৰ ভৱিষ্যত, খিলঞ্জীয়াৰ সুৰক্ষা, গণতন্ত্ৰৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, এবাৰ ভাবি চিন্তি ভোটদান কৰাৰ বাবে আহ্বান জনায় । এই উপলক্ষে এখন পথসভা অনুষ্ঠিত হয় ।

এই সভাত বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাই আৰু সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বহুবল্কী দুৰ্নীতিৰ মহানায়ক বুলি কয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোঁহাইয়ে কয় যে, ৰাজ্যৰ ভোটদানটোৱে হ'ল জীৱন ৰক্ষাৰ প্ৰধান অস্ত্ৰ । সেয়েহে ৰাইজক এই অস্ত্ৰৰ সঠিক ব্যবহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, "এয়া শেষ সুযোগ । বিজেপিক পুনৰ ক্ষমতালৈ আনিলে ৰাইজৰ জীৱন পুনৰ নাৰকীয় হৈ পৰিব । প্রাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ দিনত মানুহৰ হাতত টকা আছিল, তেওঁলোকে মুখ খুলি কথা ক'ব পাৰিছিল । এতিয়া মানুহৰ হাতত টকা নাই, মুখ খুলি চৰকাৰক গালি পাৰিব নোৱাৰে" ৷

সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক সাম্প্ৰদায়িক, ভ্ৰষ্টাচাৰী আখ্যা দিয়ে । ৰাজ্যত অভাৱনীয়ভাৱে ৮০০ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি তেওঁ কয় । আনহাতে, সাংসদ অজিত কুমাৰ ভূঞাই কয়, "এক কোটি হিমন্ত বিশ্ব শৰ্মা আৰু এজন হীৰেন গোঁহাই । বিগত ১০ বছৰত বিজেপিৰ শাসনত দেশখন ধ্বংস হৈছে । তেওঁলোকৰ জনবিৰোধী কাম-কাজ প্ৰতিফলিত হৈছে । ৰাইজে এইবাৰ বিবেকেৰে ভোট দিয়ক" ৷

লেখিকা মাইনী মহন্তই কয় যে, বিজেপি চৰকাৰে ৰাজ্যৰ দুখীয়া শ্ৰেণীৰ লোকসকলে অকল পেটটো লৈ অহা বুলিয়ে ভাবে । ১২০০ টকা আৰু ৫ কিলো চাউল চটিয়াই দিলেই ৰাজ্যৰ সমস্যা সমাধান হৈ যাব ।

এই সভাত বি বৰুৱা কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদক মানস প্ৰতিম দাসেও ভাষণ প্ৰদান কৰে । সভাখনত ভাৰত জোড়ো অভিযানৰ মুখ্য আহ্বায়ক পৰেশ মালকৰ, চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাস, সমাজকৰ্মী শংকৰ শইকীয়া, পৰেশ বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দ্ৰানী দত্ত, সাহিত্যিক অৰ্পণা লাহিড়ী বৰুৱা, প্ৰাক্তন আই পি এছ বিষয়া দিলীপ বৰা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, নাগৰিক সমাজৰ হীৰেণ ঠাকুৰীয়া, শিল্পী লোকনাথ গোস্বামী উপস্থিত থাকে ।

উল্লেখ্য় যে, দুখন পিক আপ ভান মীৰা বৰঠাকুৰ গোস্বামীৰ বেনাৰ-পোষ্টাৰ আদিৰে সজ্জিত কৰি যাত্ৰা কৰে । সন্ধিয়া ৬.২৫ বজাত চানমাৰিৰ কাৰ্যসূচী সমাপ্ত কৰি তেওঁলোকে আকৌ জু-ৰোড তিনিআলি উৰণসেঁতুৰ তলত ৭.২৫ বজাত অনুৰূপ ধৰণে প্ৰচাৰ অভিযান চলায় । এই কাৰ্যসূচীত অজিত কুমাৰ ভূঞা, ইন্দ্ৰানী দত্ত, মাইনী মহন্ত, পৰেশ বৰুৱা, শংকৰ শইকীয়া, সুব্ৰত তালুকদাৰ, বি বৰুৱা কলেজৰ সম্পাদক মানস দাস, পৰেশ মলাকৰ উপস্থিত থাকে ।

লগতে পঢ়ক: গৃহমন্ত্ৰীক টুইন টাৱাৰ দেখুৱাই থৈ যাবলৈ আহ্বান মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.