ETV Bharat / health

গৰমৰ দিনত মাছ-মাংস খোৱাটো স্বাস্থ্যৰ বাবে ভালনে ? - Side Effects Of Non Vegetarian Food

author img

By ETV Bharat Health Team

Published : May 10, 2024, 12:34 PM IST

What to eat during summer : নিৰামিষ খাদ্য বহুতৰে প্ৰিয় ৷ আমিষ-নিৰামিষভোজীৰ মাজত পূৰ্বৰে পৰা চলি আহিছে এখন যুক্তিৰ যুদ্ধ ৷ দুয়ো পক্ষৰে নিজা নিজা ধেৰ যুক্তি আছে ৷ শুনিলে এনেকুৱা লাগে যেন দুয়ো পক্ষই শুদ্ধ ৷ কিন্তু এটা কথা হয়তো সকলোৱে শুনিছে যে গৰমৰ দিনত পৰাপক্ষত মাছ-মাংস খাব নালাগে বা কিছু কমাই খাব লাগে ৷ এই কথাটো আচলতে কিয় কোৱা হয় জানো আহকচোন-

what to eat during summer
গৰমৰ দিনৰ খাদ্য (IANS)

নেশ্যনেল ডেস্ক, 10 মে’ : গৰমৰ দিনকেইটা এনেকুৱা দিন যিকেইটা দিনত খাদ্য গ্ৰহণ কৰোতে যথেষ্ট সাৱধাৱনতা অৱলম্বন কৰিবলগীয়া হয় ৷ অলপো যদি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অমনোযোগী হোৱা যায়, তেন্তে ইয়াৰ পৰিণাম আপোনাৰ স্বাস্থ্যই ভোগ কৰিবলগীয়া হয় ৷ আমিষভোজী সকলৰ মনত প্ৰায়ে এইটো প্ৰশ্নৰ উদয় হয় যে গ্ৰীষ্মকালত মাছ-মাংস খাব লাগেনে ? এই প্ৰতিবেদনত আমি সেই বিষয়টোৱে আপোনালোকলৈ আগবঢ়াইছো ৷

আমিষ খাদ্য পৰিহাৰ কৰক -

বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত মানুহে মাছ-মাংস সম্পূৰ্ণৰূপে এৰাই চলিব লাগে ৷ এৰাই চলিব নোৱাৰিলে অন্তত কম পৰিমাণত আমিষ খাদ্য খাব লাগে ৷ ইয়াৰ আঁৰৰ কাৰণ হ’ল এই খাদ্যবোৰ সাধাৰণতে গৰম হয় ৷ ফলত এই ধৰণৰ খাদ্যই আপোনাৰ শৰীৰটো ভিতৰৰ ফালৰ পৰা গৰম কৰি দিয়ে ৷ মাত্ৰাধিক গৰম হ’লে শৰীৰৰ পৰা বেছি পৰিমাণে ঘাম ওলায় ৷

ইয়াৰ বাহিৰেও মাছ, কুকুৰা, ছাগলী বা কণী হৈছে গধুৰ খাদ্য, যিবোৰক আপোনাৰ পেটত থকা ৰাসায়নিক পদাৰ্থবোৰে হজম কৰিবলৈ সময় লয় । ইয়াৰ বাবে আপোনাৰ হজম প্ৰক্ৰিয়া লেহেমীয়া হয় । ইয়াৰ উপৰিও যদি হজম প্ৰক্ৰিয়াত বিঘিনি ঘটে, তেন্তে আপোনাৰ ডায়েৰিয়াৰ সমস্যাও হ’ব পাৰে ।

গৰ্ভৱতী মহিলাই খাব নালাগে মাছ-

বিশেষজ্ঞসকলৰ মতে, গৰ্ভৱতী মহিলাসকলে অতি সীমিত পৰিমাণত মাছ খোৱা উচিত । ওপৰত উল্লেখ কৰা মতে, মাছ গধুৰ খাদ্য ৷ গতিকে এনে পৰিস্থিতিত অত্যাধিক মাছ সেৱন কৰিলে গৰ্ভপাত হোৱাৰো সম্ভাৱনা অধিক হয় ৷ অৱশ্যে, বিশেষজ্ঞসকলে এইটোও কয় যে মাছ খোৱাটো মাতৃ আৰু শিশুৰ বাবে উপকাৰী ।

লগতে পঢ়ক : আপুনি এগৰাকী ডায়েবেটিছ ৰোগী নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে - Diet Plan For Diabetic Patients

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.