ETV Bharat / health

ৰুটি ফুলিবই ফুলিব ! অনুসৰণ কৰক এই টিপছ - ROTI MAKING TIPS

author img

By ETV Bharat Health Team

Published : May 6, 2024, 12:32 PM IST

Updated : May 6, 2024, 1:05 PM IST

Roti making tips at home : ৰুটি বনাওতে কোমল নহয় বা নুফুলে নেকি ? তেন্তে তলত উল্লেখিত এই টিপছৰ সহায়ত আপোনাৰো ৰুটি ফুলাৰ লগতে হ’ব গোল গোল ৷

If you follow these tips by chef Pankaj Bhadouria, your rotis will become soft and puffy
ৰুটি ফুলিবই ফুলিব! অনুসৰণ কৰক এই টিপছ (SOURCE: GETTY IMAGES)

ৰুটি খাবলৈ যিমান ভাল সিমানেই ইয়াক সঠিকভাৱে তৈয়াৰ কৰাটো বহুতৰে বাবে ৰকেট চাইন্সৰ দৰে ৷ কেতিয়াবা যদি ৰুটি টান হয় যাৰ ফলত পেটে হজম কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয় ৷ তেন্তে কেতিয়াবা আকৌ গোল নহয় বা ভালদৰে নুফুলে ৷ মুঠতে বহুলোকে কেতিয়াবা নহয় কেতিয়াবা এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

যদিও আজিকালি বজাৰত ৰুটি মেকাৰৰ বিকল্প আছে, যাৰ জৰিয়তে এইটো আৰু ইমান ডাঙৰ কাম নহয় ৷ কিন্তু কোমল আৰু ফুলি উঠা ৰুটি বনোৱাৰ সমগ্ৰ ৰহস্যটো আটা তৈয়াৰ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰে ৷

মাষ্টাৰ শ্বেফ পংকজ ভাদৌৰিয়াই প্ৰায়ে তেওঁৰ ছ’চিয়েল মিডিয়াত ৰন্ধন টিপছ শ্বেয়াৰ কৰে, যিবোৰ গ্ৰহণ কৰি ৰন্ধন প্ৰণালী বহুত সহজ আৰু আনন্দদায়ক কৰি তুলিব পাৰি ৷ সেয়ে আজি এই প্ৰতিবেদনত আপোনাৰ এই সমস্যাৰ সমাধান দিব শ্বেফ পংকজ ভাদৌৰিয়াই ৷

শেহতীয়াকৈ শ্বেফ পংকজ ভাদৌৰিয়াই ৰুটি বনোৱাৰ এনে কিছুমান টিপছ শ্বেয়াৰ কৰিছে, যিবোৰ আপোনাৰ বাবে অতি উপযোগী হ’ব ৷

  • ৰুটি বনোৱাৰ বাবে আটাৰ গুড়ি মঠিবলৈ ঠাণ্ডা পানীৰ সলনি কুহুমীয়া পানী ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ ফলত বহুত পাৰ্থক্য দেখা যায় ৷
  • আটাখিনি অলপ কোমলকৈ মঠি লওক ৷ অতি কঠিন আটাৰ পৰা ৰুটি বনাবলৈ বৰ কষ্টকৰ ৷ লগতে বেছি সময়লৈকে কোমল হৈ নাথাকে আৰু আটাখিনি মঠি লোৱাৰ পাচত প্ৰেছ কৰি চাব যে আটাখিনি ওপৰলৈ উঠি আহিছে নে নাই ৷
  • ৰুটি বনোৱাৰ আগতে কমেও ২০ৰ পৰা ৩০ মিনিটমান আটাখিনি মঠি লওক ৷ ইয়াৰ ফলত ৰুটিবোৰো কোমল হৈ পৰে আৰু বেলুনৰ দৰে ফুলি উঠে ৷ ২০-৩০ মিনিট ৰখাৰ পাচত বনোৱাৰ আগতে পাতল হাতেৰে আৰু এবাৰ মঠি লওক ৷
  • কম জুইত ৰুটিখিনি ৰান্ধিব ৷ ৰুটিবোৰ বেছি জুইত জ্বলি যাব পাৰে আৰু সেয়েহে ওপৰলৈ ফুলি নুঠে ৷ যদি আপুনি লোহাৰ কেৰাহীত ৰুটি বনাইছে, তেন্তে অধিক গুৰুত্ব দিয়ক ৷ কাৰণ লোহাৰ কেৰাহী বা তাৱা সোনকালে অধিক গৰম হয় ৷

লগতে পঢ়ক : ওজন হ্ৰাস কৰিবলৈ ফল নে ফলৰ ৰস ? কোনবিধ অধিক ফলপ্ৰসূ - Fruit Vs Fruit Juice

Last Updated : May 6, 2024, 1:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.