ETV Bharat / entertainment

হাতত খাৰু, নখত জেতুকা, আঙুলিৰ ফাকত চিগাৰেট লৈ পুষ্পৰাজ 2-ৰ ফাৰ্ষ্ট লুক মুকলি - Pushpa 2 The Rule

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 9:50 PM IST

Pushpa 2 The Rule
হাতত খাৰু, নখত জেতুকা, আঙুলিৰ ফাকত চিগাৰেট লৈ পুষ্পৰাজৰ ফাৰ্ষ্ট লুক মুকলি

Pushpa 2 The Rule: আল্লু অৰ্জুনৰ 'পুষ্পা ২ দ্য ৰুল' গান 'পুষ্পা পুষ্পা'ৰ নতুন পোষ্টাৰ মুকলি ৷ ৬ টা ভাষাত মুক্তি লাভ কৰিব গীতটো ৷

চিটাৰা ডেস্ক, 30 এপ্ৰিল : মঙলবাৰে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত পুষ্পা ২: দ্য ৰুলৰ প্ৰথম গান 'পুষ্পা-পুষ্পা'ৰ ফাৰ্ষ্ট লুক মুক্তি দিয়া হয় ৷ গানটো অহা ১ মে'ত মুক্তি লাভ কৰিব ৷

গানটোৰ ফাৰ্ষ্ট লুকছত পুষ্পৰাজ তথা আল্লু অৰ্জুনক হাতত খাৰু, নখত জেতুকা আৰু এটা চিগাৰেট হুপি লৈ থকা দেখা গৈছে ৷ শেহতীয়াকৈ, 'পুষ্পা-পুষ্পা'ৰ প্ৰম’ প্ৰকাশ কৰা হৈছিল ৷ তাৰপিছৰে পৰা গানটোৰ বাবে আল্লু অৰ্জুনৰ অনুৰাগীসকলৰ উৎকণ্ঠা বৃদ্ধি হৈছে ।

গানটো মুকলি হোৱাৰ পূৰ্বে পুষ্পাৰ নিৰ্মাতাসকলে 30 এপ্ৰিলত অভিনেতাজনৰ অনুৰাগীসকলৰ বাবে ছাৰপ্ৰাইজ হিচাপে ফাৰ্ষ্ট লুকৰ পোষ্টাৰ মুক্তি দিয়ে । ছবিখনৰ নিৰ্মাতাসকলে এক্স হেণ্ডেলত 'পুষ্পা-পুষ্পা' গানটোৰ পৰা আল্লু অৰ্জুনৰ প্ৰথম খন পোষ্টাৰ মুকলি কৰে ৷

পোষ্টাৰত, আল্লু অৰ্জুনক এক ভয়ংকৰ ৰূপত দেখা গৈছে । সোণালী চুলিৰ সৈতে ক'লা ৰঙৰ পোছাকত তেওঁ লুকছটোৱে সকলোৰে মাজত অধিক কৌতুহলৰ সৃষ্টি কৰিছে ৷ 'ৰকষ্টাৰ' দেৱী শ্ৰী প্ৰসাদে এই গানটো ৰচনা কৰিছে, যিটো তেলেগু, হিন্দী, তামিল, কানাড়া, মালায়ালম আৰু বঙালীকে ধৰি ছয়টা ভাষাত উপলব্ধ হ'ব ।

'#PushpaPushpa' হেজটেগটো ইতিমধ্যে ট্ৰেণ্ডিং হৈ আছে ৷ এই ছবিখন চলিত বৰ্ষৰ 15 আগষ্টত বিশ্বব্যাপী মুক্তি দিয়া হ’ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পূৰ্বে আল্লু অৰ্জুনৰ 42 তম জন্মদিনৰ দিনা মুক্তি লাভ টীজাৰটোৱে প্ৰায় অভিলেখ ভংগ কৰিছিল ৷ টীজাৰত আল্লু অৰ্জুনক এক আকৰ্ষণীয় অৱতাৰত দেখুওৱা হৈছে ৷ মহিলাৰ পোছাক পৰিধান আল্লুৱে দেৱীৰ ৰূপত নিজকে সজোৱা পৰিলক্ষিত হৈছে ।

বহুতো অনুৰাগীয়ে তেওঁৰ এই ৰূপৰ বাবে দেৱী কালীৰ সৈতে তুলনা কৰিছে । তেলুগু অনুৰাগীসকলে অভিনেতাগৰাকীৰ এই ৰূপটো তেওঁলোকৰ আৰাধ্যা গণগাম্মা দেৱীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ধাৰণ কৰা বুলি কৈছিল ৷

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই 200 কোটি টকা কেনেকৈ উপাৰ্জন কৰিলে এইখন ছবিয়ে ? - Pushpa 2 The Rule

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.