ETV Bharat / bharat

শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক - Educational apps for students

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 12:38 PM IST

Educational apps : যদি আপুনি এগৰাকী শিক্ষাৰ্থী আৰু অধ্যয়নত মনোনিবেশ কৰিবলৈ সক্ষম নহয়, তেনেহ'লে এনে কিছুমান শৈক্ষিক এপ আছে, যিয়ে কেৱল আপোনাৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰাই নহয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনাক সাজু কৰি তুলিব ।

Educational apps for students
শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক (ETV Bharat)

নেশ্যনেল ডেস্ক, ১০ মে' : বৰ্তমানৰ ডিজিটেল যুগত সকলোৰে হাতত এটা ম’বাইল ফোন থাকে । এই স্মাৰ্টফোনটোৱে প্ৰকৃততে গৃহিনী, শিক্ষকৰ পৰা সকলো পেছাদাৰীলৈকে সকলোকে বিভিন্ন ধৰণে সহায় কৰে । সহায়ৰ কথা ক'বলৈ গ'লে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা শিক্ষাৰ্থীসকলৰ কথা উল্লেখ নকৰিলে আধৰুৱা হৈ থাকিব ।

এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক সৰ্বশ্ৰেষ্ঠ শৈক্ষিক এপবোৰৰ বিষয়ে জনাব বিচাৰিছো ৷ যাৰ সহায়ত শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় সমস্যাবোৰ অতি কম সময়তে সমাধান কৰিব পাৰে । ই-লাৰ্ণিং এপবোৰ কেৱল শিক্ষাৰ্থীৰ বাবেই নহয় তেওঁলোকৰ অভিভাৱকৰ বাবেও সহায়ক আৰু যথেষ্ট পৰিমাণে চাপ হ্ৰাস কৰিব পাৰে । এই সৰ্বশ্ৰেষ্ঠ শৈক্ষিক এপবোৰ কি চাওক-

  • ৱৰ্ল্ড জেনেৰেল নলেজ এপ (World General Knowledge App)
  • পকেট এপ্টিটিউড এডুকেশ্বন এপ (Pocket Aptitude Education App)
  • কম্পিউটাৰ এৱাৰনেচ এডুকেশ্বন এপ (Computer Awareness Education App)
  • চিএছএটি ইউপিএছচি0 এপ (CSAT UPSC App)
  • কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনেৰেল নলেজ এপ (Current Affairs and General Knowledge App)

১. ৱৰ্ল্ড জেনেৰেল নলেজ এপ (World General Knowledge App) : যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে ৱৰ্ল্ড জেনেৰেল নলেজ এপটো আপোনাৰ বাবে যথেষ্ট সহায়ক হিচাপে প্ৰমাণিত হ'ব পাৰে । এই এপটোত কেৱল দেশৰ বিষয়েই নহয় বিশ্বৰ সাম্প্ৰতিক বিষয়বোৰৰ বিষয়েও তথ্য আছে । এই এপটোত ভাষাৰ টেষ্টৰ লগতে সাধাৰণ অধ্যয়নো অন্তৰ্ভুক্ত আছে । শিক্ষাৰ্থীসকলে অনলাইন বা অফলাইনৰ জৰিয়তে এই এপত ব্যৱহাৰিক পৰীক্ষাও দিব পাৰে ।

২. পকেট এপ্টিটিউড এডুকেশ্বন এপ (Pocket Aptitude Education App) : যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু আপুনি গণিতত দুৰ্বল, তেনেহ'লে পকেট এপ্টিটিউড এডুকেশ্বন এপটোৱে আপোনাক সহায় কৰিব । এই এপটোৱে আপোনাক নম্বৰ শৃংখলা, সাধাৰণ গণিত, শতাংশৰ সৈতে সংখ্যা সমাধান কৰাৰ সৰল পদক্ষেপবোৰৰ বিষয়ে অৱগত কৰে । এই এপৰ জৰিয়তে, আপুনি অনুশীলন পৰীক্ষা দি প্ৰস্তুতি কৰিব পাৰে ।

৩. কম্পিউটাৰ এৱাৰনেচ এডুকেশ্বন এপ (Computer Awareness Education App) : এই এপটোৱে কম্পিউটাৰৰ প্ৰতি সজাগতা বৃদ্ধি কৰে । এই এপৰ বিশেষত্ব হৈছে যে ইয়াত ৫০০তকৈও অধিক প্ৰশ্ন বিনামূলীয়াকৈ ছেট কৰা হৈছে আৰু ইয়াত ই-কমাৰ্চ, শ্বৰ্ট-কাট আছে । কেৱল এয়াই নহয়, এই এপটোত কম্পিউটাৰ মেম'ৰী, মাইক্ৰছফ্ট অফিচ আৰু কম্পিউটাৰৰ অন্যান্য মৌলিক বিষয়ো আছে ।

৪. চিএছএটি ইউপিএছচি এপ (CSAT UPSC App) : যদি আপুনি ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি নিশ্চিতভাৱে চিএছএটি ইউপিএছচি এপটোক আপোনাৰ ম'বাইলত ডাউনলোড কৰিব পাৰে । এই এপটোত ভূগোল, ভাৰতীয় ৰাজনীতি, বুৰঞ্জীৰ লগতে অন্যান্য বিষয়ত প্ৰস্তুতিত সহায় কৰে ।

৫. কাৰেণ্ট এফেয়াৰ্ছ এণ্ড জেনেৰেল নলেজ এপ (Current Affairs and General Knowledge App) : এই এপ শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট সহায়ক প্ৰমাণিত হ'ব পাৰে । এই এপটোত সাম্প্ৰতিক বিষয়ৰ সৈতে সম্পৰ্কিত প্ৰতিটো তথ্য থাকে, যি শিক্ষাৰ্থীসকলক দৈনন্দিন ঘটনাবোৰৰ সৈতে আপডেট কৰি ৰাখে । এই এপটোত এক ভাষা টেষ্ট অন্তৰ্ভুক্ত আছে । ইয়াৰ সৈতে, আপুনি বিনামূলীয়া আৰু পৰিশোধ কৰি অনুশীলন প্ৰশ্নকাকত চাব পাৰে ।

লগতে পঢ়ক:গুগল প্লে ষ্ট’ৰত এতিয়া সহজেই বিচাৰি পাব চৰকাৰী অফিচিয়েল এপ - Official Government Apps
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.