খুমটাইত সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত পৰিল আন এজন যুৱক

By

Published : Sep 22, 2022, 4:42 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে সোপাধৰাৰ আতংক (Fear of kidnapping) । এইবাৰৰ স্থান খুমটাই পতিয়াপথাৰ । সোপাধৰাৰ সন্দেহত ৰাইজৰ ৰোষত এজন যুৱক । গদাপাণি খেলপথাৰৰ সন্মুখৰ পদুমণি মজদুৰ প্ৰাথমিক বিদ্যালয়ত সোপাধৰাৰ সন্দেহত ৰাইজে আটক কৰিলে এজন যুৱকক (Youth beaten up by people on suspicion of kidnapper) । জানিব পৰা মতে, বিদ্যালয় আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিদ্যালয়ৰ চৌহদত ইফাল সিফাল কৰি ঘূৰি ফুৰিছিল যুৱকজনে ৷ পিছত লোকজনক স্থানীয় লোকে প্ৰশ্ন কৰাত সঠিককৈ কোনো উত্তৰ দিব নোৱাৰাৰ ফলতেই সোপাধৰা বুলি সন্দেহ উপজে স্থানীয় ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খুমটাই আৰক্ষীক অৱগত কৰে(Khumtai Police Out Post) ৷ খুমটাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনক । ইফালে স্থানীয় লোকে জানিব দিয়া অনুসৰি গাঁওবাসীয়ে এই যুৱকজনৰ সহিতে আন তিনিজন লোককো গাঁৱত সন্দেহজনক ভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰিছিল । অৱশ্যে ধৃত যুৱকজনক মানসিক বিকাৰগ্ৰস্ত বুলি আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে । ইফালে আতংকিত ৰাইজৰ প্ৰশ্ন, এইসকল সঁচাই সোপাধৰা নে দুষ্ট চক্ৰই ভুৱা বাতৰি প্ৰচলন কৰি বিচলিত কৰিছে জনসাধাৰণক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.