গহপুৰৰ হাতীজানত বনৰীয়া হাতীৰ তাণ্ডৱ

By

Published : Sep 9, 2022, 1:40 PM IST

thumbnail

গহপুৰৰ দক্ষিণ অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত(Man elephant conflict in Gohpur) । বৃহস্পতিবাৰে অঞ্চলটোৰ হাতীজানত নিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই বাসগৃহ, ভড়াল ভাঙি লণ্ডভণ্ড কৰাৰ লগতে খাই গছকি নষ্ট কৰে বহু লোকৰ খেতি পথাৰ(People of Gahpur affected by elephant attack) । তথাপিও কিন্তু কাণসাৰ নাই বনবিভাগৰ । উল্লেখ্য যে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা ৩০-৪০ টা বন্যহস্তীৰ জাকে উক্ত অঞ্চলটোৰ কৃষিভূমিৰ লগতে খাদ্য সামগ্ৰী খাই ঘৰ-দুৱাৰ ভাঙি তহিলং কৰি পেলাইছে । স্থানীয় লোকে বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰি বন বিভাগৰ লোক কুম্ভ কৰ্ণৰ নিদ্ৰামগ্ন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.