শিৱসাগৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন গুৰুজনাৰ জন্মজয়ন্তী

By

Published : Oct 5, 2022, 5:11 PM IST

thumbnail

অসমত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰি একতাৰ দোলেৰে সমগ্ৰ অসমবাসীক বান্ধি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আজি ৫৭৪ তম জন্মোৎসৱ (Mahapurush Srimanta Sankardev 574th birth anniversary)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ আজি শিৱসাগৰ নগৰৰ সমীপৰ মৰনৈকিনাৰ বৰনামঘৰতো উলহ-মালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ জন্ম জয়ন্তী । কীৰ্তন, ঘোষা গায়ন-বায়ন, দবা, শংখ, নাম প্ৰসংগ, আইসকলৰ উৰুলিৰে মুখৰিত হৈ পৰিছে মৰনৈকিনাৰ নামঘৰ । অৰ্জুনগুৰি অঞ্চলৰ ১০২ বছৰীয়া মৰনৈকিনাৰ বৰনামঘৰত আজি নামঘৰ পৰিচালনা সমিতি, মৰনৈকিনাৰ যুৱ সমাজ, মৰনৈকিনাৰ মহিলা সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত পুৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰে আৰম্ভ হৈছে দিনযোৰা কাৰ্যসূচী (Srimanta Sankardeva birth anniversary celebrated in Sivasagar) । নিশালৈ গুৰুজনাৰ অমৰ সৃষ্টি এখনি ভাওনাও প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে নামঘৰ সমাজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.