নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰিল কাৰ্বন ভৰ্তি ট্ৰাক

By

Published : Sep 27, 2022, 11:56 AM IST

thumbnail

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Rangia) । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল নলবাৰী অভিমুখী ট্ৰাকখন(Truck fell into ditch) । কাৰ্বন ভৰ্তি AP93X4747 নম্বৰৰ ট্ৰাকখনে গুৱাহাটীৰ পৰা অন্ধ্ৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাটো পুৱতি নিশা সংঘটিত হোৱাৰ ফলত এক ভয়াৱহ অঘটন হোৱাৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী । ইফালে দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ক্ৰমে হাউলিৰ আহাদুল ইছলাম আৰু মনোৱাৰ হুছেইন আহত হয় । আহত দুয়োকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.