Rangali bihu in Assam: ঢোল পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি

By

Published : Apr 15, 2022, 1:59 PM IST

thumbnail

পহিলা ব’হাগৰ দিনা ঢোল-পেঁপাৰ মাতত মুখৰিত হ’ল ৰংঘৰৰ বাকৰি । সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰৰ পৰা উদযাপন কৰা হৈছে 15 সংখ্যক মুকলি বিহুৰ অনুষ্ঠান (Rangali Bihu 2022 celebrates at Rang Ghar) ৷ শুকুৰবাৰে পুৱা পতাকা উত্তোলন আৰু মৈদাম তৰ্পণৰ দ্বাৰা বৃহত্তৰ ৰংপুৰ ৰঙালী বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । আয়োজকসকলে উল্লেখ কৰা অনুসৰি, ৰংঘৰৰ বাকৰিত বিহু হুঁচৰিৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি পৰম্পৰা প্ৰদৰ্শন কৰা হ’ব ৷ ইয়াৰ লগতে ৰংপুৰত অনুষ্ঠিত হ'ব হাতী দৌৰ । এই বিহুৰ অনুষ্ঠানতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু 'ৰংঘৰৰ ৰণশিঙা' শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব । উল্লেখ্য যে, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা এই মুকলি বিহুৰ অনুষ্ঠানৰ পতাকা উত্তোলন কৰে আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁইয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.