ধলপুৰৰ উচ্ছেদিতক লৈ ৰাইজৰ দলৰ মুখপাত্ৰ আশ্ৰাফুল ইছলামৰ প্ৰতিক্ৰিয়া

By

Published : Sep 23, 2021, 10:10 PM IST

thumbnail

ছিপাঝাৰৰ ধলপুৰ অঞ্চলত অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰিবলৈ যাওঁতে অসম আৰক্ষীয়ে বৰ্বৰভাৱে গুলীচালনা ঘটনাৰ তীব্ৰ গৰিহণা দিছে ৰাইজৰ দলে । এয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ চূড়ান্ত সাম্প্ৰদায়িক মনোভাৱৰ বহিঃপ্ৰকাশ আৰু হিটলাৰী শাসনৰ কুফল বুলি অভিহিত কৰে ৰাইজৰ দলে । ৰাইজৰ দলে বিকল্প সংস্থাপন অবিহনে সকলো ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে আৰু অতি শীঘ্ৰে উচ্ছেদিত লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৰাইজৰ দলে । প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.