উচ্ছেদৰ দাবীত ছিপাঝাৰত প্ৰতিবাদ

By

Published : Sep 14, 2022, 10:16 PM IST

thumbnail

ছিপাঝাৰৰ মহৰীয়া পথাৰৰ চৰকাৰী মাটি বেআইনীভাৱে দখল কৰা লোকক উচ্ছেদৰ দাবীত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৷ ছিপাঝাৰৰ মহৰীয়া সংৰক্ষণ গৰখীয়া সংঘই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আজি ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মহৰীয়া গো-চৰণীয়া পথাৰৰ বেদখলকাৰীক উচ্ছেদ কৰাৰ ওপৰিও চৰণীয়া পথাৰ সংলগ্ন, চৰকাৰী ভূমি সংৰক্ষণ কৰা, চৰকাৰী মাটিৰ পট্ৰন দিয়া সিদ্ধান্ত বাতিল, মহৰীয়া গো-চৰণীয়া পথাৰখনৰ পশ্চিম সীমাৰ কিছু অংশৰ লগতে সংলগ্ন চৰকাৰী ভূমিত দৰং জিলাৰ বাবে প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়, মীন মহাবিদ্যালয়, আই.টি.আইৰ দৰে প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান স্থাপনৰ দাবী প্ৰতিবাদকাৰীৰ (Protest in Sipajhar demanding eviction)। আনহাতে স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ যোগেদি উল্লেখিত দাবী সম্বলিত এখন স্মাৰক পত্ৰও ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত গৰখীয়া সংঘৰ বিষয়-ববীয়াৰ লগতে একাংশ জ্যেষ্ঠ নাগৰিকো উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.