শিমলুগুৰিত গঁড় চাবলৈ ৰাইজৰ হেতা ওপৰা

By

Published : Jun 30, 2022, 8:35 PM IST

thumbnail

‘‘গঁড় ওলাইছে অ’ গঁড় ৷ শিমলুগুৰিৰৰ ৰাজপথত ওলাইছে গঁড়’’ ৷ বৃহস্পতিবাৰে শিমলুগুৰিৰ ৰাজপথত আকস্মিকভাৱে আৱিৰ্ভাৱ হোৱা অসম বিখ্যাত এশিঙীয়া গঁড়টো চাবলৈ দৌৰা-দৌৰি লাগিছে শিমলুবাসীৰ মাজত । অ’ ৰ’ব ৷ আপুনি নিশ্চয় কাজিৰঙাৰ অসম বিখ্যাত গঁড় বুলি ভাবিছে ৷ তেন্তে আপুনি ভুল ভাবিছে ৷ এয়া কাজিৰঙাৰ গঁড় নহয় । মুক্তিৰ অপেক্ষাত থকা ‘‘চন্দ্ৰ সূৰ্য্য আদি’’ অসমীয়া ছবিখনৰ প্ৰচাৰৰ কিছু দৃশ্যাংশহে(Promotion of Assamese film) ৷ ছবিখনৰ প্ৰচাৰৰ উদ্দেশ্যে এটা গঁড়সহ শিমলুগুৰি নগৰত উপস্থিত হয়হি ছবিখনৰ শিল্পী তথা কলা-কুশলীসকল (Promotion of Assamese film Chandra Surjya Adi)। সুদক্ষ পৰিচালক ৰমেন গগৈয়ে পৰিচালনা কৰা ছবিখনে অসমবাসী ৰাইজৰ সঁহাৰি লাভ কৰিব বুলি যথেষ্ট আশাবাদী শিল্পী তথা কলা-কুশলীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.