চিন্তন কাৰ্যসূচীৰ মাজতে ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ

By

Published : Sep 26, 2022, 2:14 PM IST

thumbnail

আজি অৰ্থাৎ সোমবাৰে কাজিৰঙাত অনুষ্ঠিত হৈছে চিন্তন বৈঠকৰ তৃতীয় তথা অন্তিমটো দিনৰ কাৰ্যসূচী (Last day of Chintan Sibir) ৷ চিন্তন কাৰ্যসূচীৰ মাজতে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ । চিন্তন বৈঠকৰ আয়োজনক 'কৰ সংগ্ৰহৰ চিন্তন বৈঠক' বুলি মন্তব্য কৰিছিল ভূপেন বৰাই (APCC President Bhupen Bora) । এইবাৰ পিযুষ হাজৰিকাই ভূপেন বৰাক উভতি ক'লে - "ভূপেন বৰাৰ চিন্তা ইমানেই, ইয়াতকৈ বেছি চিন্তা কৰিব নোৱাৰে" ৷ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সৈতে সদগুৰুৰ প্ৰৱেশ কৰা সন্দৰ্ভত মন্ত্ৰী পিযুষৰ মন্তব্য "বন্যপ্ৰাণী প্ৰাধিকাৰীয়ে অনুমতি দিলে বিশেষ ব্যক্তি নিশাও সোমাব পাৰে কাজিৰঙাত" ৷ বৰগছ ৰিজ'ৰ্টৰ চিন্তন বৈঠকৰ মাজতে এই মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই (Minister Pijush Hazarika)।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.