নলবাৰীৰ মুকালমুৱাত চোৰাংকৈ সৰবৰাহ কৰা চাউল ভৰ্তি ট্ৰাক জব্দ

By

Published : Sep 22, 2022, 6:42 PM IST

thumbnail

ৰাজ্যত ন ন কৌশলেৰে চোৰাংকৈ চলিছে চাউলৰ ক'লা বেহা (PDS rice smuggled in Assam) । ইয়াৰ মাজতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল(Public Distribution System Rice) চোৰাংকৈ সৰবৰাহ কৰাৰ সন্দেহত ট্ৰাক এখন জব্দ কৰিলে মুকালমুৱা আৰক্ষীয়ে (PDS rice smuggled in Nalbari) ৷ এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে মুকালমুৱা আৰক্ষীয়ে অভিযান চলাই মুকালমুৱাৰ বামুণবড়ীৰ গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত চোৰাংকৈ চাউল সৰবৰাহ কৰা ট্ৰাকখন জব্দ কৰে ৷ অৱশ্যে ঘটনাৰ লগত জড়িত কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত নলবাৰী যোগান বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (PDS rice seized at Mukalmua) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.