শিৱসাগৰত বিহ দি লক্ষাধিক টকাৰ মাছ নিধন দুৰ্বৃত্তৰ

By

Published : Sep 26, 2022, 11:30 AM IST

thumbnail

শিৱসাগৰত দিখৌমুখত দুস্কৃতিকাৰীয়ে সংঘটিত কৰিলে অঘটন ৷ দুৰ্বৃত্তই ফিচাৰীত বিহ ঢালি দিয়াৰ ফলত লক্ষাধিক টকাৰ মৎস্য নিধন (Fish killed by miscreants) ৷ শিৱসাগৰৰ দিখৌমুখ গড়ছিগাত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনাৰ পিছতেই মৎস্য পালনৰ যোগেদি জীবিকা নিৰ্বাহ কৰা জিতু দত্ত নামৰ ব্যক্তিজনে মূৰে কপালে হাত দিছে ৷ ৰৌ, বাহু আৰু ৰূপচন্দা মাছকে আদি কৰি মৃত্যু মুখত পৰিছে প্ৰায় চাৰি কুইণ্টলকৈ মাছ ৷ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হোৱাত চিন্তিত হৈ পৰিছে মৎস্য পালকজন (Fish worth lakh killed by miscreants) ৷ আনহাতে দিখৌমুখত দুৰ্বৃত্তৰ এনে কাণ্ডক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে । ইফালে ঘটনাৰ সন্দৰ্ভত ভুক্তভোগীয়ে গৌৰীসাগৰ থানাত দাখিল কৰিছে এজাহাৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.