টিংখাঙত ৰাজহুৱাভাৱে অনুষ্ঠিত ঢোলৰ সম্ৰাট প্রয়াত তুলসী ওজাৰ আদ্যশ্ৰাদ্ধ

By

Published : Aug 2, 2022, 1:51 PM IST

thumbnail

সোমবাৰে বৃহত্তৰ টিংখাং আৰু ৰাজগড় অঞ্চলৰ ৰাইজৰ উদ্যোগত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হয় অসমীয়া লোক-বাদ্যৰ সাধক ঢোলৰ সম্ৰাট প্রয়াত তুলসী ওজাৰ আদ্যশ্ৰাদ্ধ(Tulasi Ojha passes away) । দিনযোৰা কাৰ্যসূচীৰে টিংখাঙৰ ভালুকমৰা গাঁৱৰ আইদেউ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত এই আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হয় । সম্পূৰ্ণ ধৰ্মীয় নীতি -নিয়মৰ মাজেৰে সম্পন্ন কৰা অনুষ্ঠানটোত তুলসী ওজাৰ এখন স্মৰণিকা স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাই উন্মোচন কৰে । তুলসী ওজাৰ স্মৃতি যুগমীয়া কৰিবলৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ওজা গৰাকীৰ এটা ঢোল সংৰক্ষণ কৰা হ'ব বুলি জনায় মন্ত্ৰী বিমল বৰাই(Tributes to late Tulsi Oja) । অনুষ্ঠানটোত সদৌ অসম ঢুলীয়া সন্থাৰ বিষয়ববীয়া সকলৰ লগতে প্ৰয়াত তুলসী ওজাৰ স্থানীয় শিষ্যসকলে ঢোলবাদন পৰিবেশন কৰে । আনহাতে স্থানীয় ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত মৰাণ নাহৰকটীয়াৰ দুই লেনযুক্ত ৰাজ্যিক পথটোত সংলগ্ন ভালুকমৰা গাঁৱৰ সাপেখাতী পিঠাগুটি সংযোগী পথটো  প্ৰয়াত তুলসী ওজাৰ নামত মন্ত্ৰী বিমল বড়াই মুকলি কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.