টীয়কত অনুষ্ঠিত এক দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ বিত্তীয় মন্ত্ৰী অজন্তা নেওগৰ

By

Published : Sep 28, 2022, 10:56 AM IST

thumbnail

মঙলবাৰে যোৰহাট জিলাত উপস্থিত হয় অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog in Jorhat) ৷ টীয়কৰ কাকজান কলা-কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এক দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলীয় সতীৰ্থসকলৰ লগত মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে (Ajanta Neog attends party meeting in Teok) । সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে পুন প্ৰথমবাৰৰ বাবে অভিভাৱক মন্ত্ৰীৰ দ্বায়িত্ব লৈ টীয়ক সমষ্টিলৈ আহিছো যদিও অনাগত দিনসমূহত টীয়কলৈ পুনৰ আহি সমষ্টিৰ বিভিন্ন জলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিম । ইপিনে বৰ্তমান অসমৰ বিত্তীয় পৰিস্থিতিৰ ওপৰত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়- বিত্তীয় লাভ লোকচানৰ হিচাপ এই মুহূৰ্তত মই লৈ থকা নাই, গতিকে বিত্তীয় মন্ত্ৰী হলো বুলিয়েই এইদৰে সকলো স্থানতে হিচাপ দিয়াতো সম্ভৱ নহয় "। তথাপি পূৰ্বৰ চৰকাৰতকৈ বেছি টকা ব্যয় কৰি অসম চৰকাৰে উন্নয়ন সাধন কৰিছে বুলি সদৰি কৰিলে মন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.