গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া দলীয় সমাৱেশক লৈ তৎপৰ মন্ত্ৰী অজন্তা নেওগ

By

Published : Sep 29, 2022, 12:28 PM IST

thumbnail

আগন্তুক 8 অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ’ব বিজেপিৰ এখন দলীয় সমাৱেশ ৷ গৃহমন্ত্ৰী অমিত শ্বাহ(Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকিব লগা এই সমাৱেশলৈ দলীয় কৰ্মীসকলক নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে বুধবাৰে বোকাখাতত উপস্থিত হৈ মন্ত্ৰী অজন্তা নেওগে বোকাখাতৰ পুৱতি সভা ভৱনত বোকাখাত মণ্ডল আৰু মহুৰা মণ্ডলৰ দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হয় (Amit Shah and JP Nadda to address BJP rally) ৷ ইফালে এই দলীয় সমাৱেশত অংশগ্ৰহণ কৰি গুৱাহটীত বিজেপি দলৰ মুখ্য কাৰ্যালয় শুভ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে গোলাঘাট নগৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে এজোপা বৰগছ কটাকলৈ বিভিন্ন মহলত চৰ্চিত হৈ থকা বিষয়তোৰ ওপৰত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে এডাল গছ কটাৰ পৰিৱৰ্তে 1000 ডাল গছ ৰোপন কৰিবলৈ প্ৰশাসনক আহ্বান জনায় (Minister Ajanta Neog at Bokakhat) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.