কলেজীয়া ছাত্ৰক প্ৰহাৰ কৰা মেস্কিম' বাহনৰ চালকক আটক

By

Published : Sep 26, 2022, 10:32 PM IST

thumbnail

হোজাই জিলাৰ নখুটি আৰক্ষী পহৰা চকীৰ সন্মুখত কলেজৰ ছাত্ৰ আৰু গাড়ী চালকৰ মাজত মাৰপিট ঘটনাৰ (Clash between Udali Collage Student and Driver) মেস্কিম' বাহনখনৰ চালকক অৱশেষত আটক কৰে আৰক্ষীয়ে ৷ ইয়াৰ লগতে ভাড়া বৃদ্ধি সন্দৰ্ভত শীঘ্ৰে আলাপ-আলোচনা কৰা হ’ব বুলিও জানিবলৈ দিয়ে হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাই । তেওঁ লগতে সম্প্ৰতি পৰিস্থিতিও শান্ত হোৱাৰ কথাও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, হোজাইৰ নখুটি আৰক্ষী পহৰা চকীৰ সন্মুখত সোমবাৰে পুৱা কলেজৰ ছাত্ৰ আৰু গাড়ী চালকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । গাড়ী চালকে কলেজৰ ছাত্ৰৰ পৰা অতিৰিক্ত ভাড়া লোৱাৰ প্ৰতিবাদত আন্দোলন কৰি থকাৰ সময়তে গাড়ী চালকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে কলেজৰ ছাত্ৰক (Heavy fighting in Hojai) ৷ ফলত গুৰুতৰভাৱে আহত হয় কেইবাজনো ছাত্ৰ ৷ তাৰ পিছতেই উদালী কলেজৰ ছাত্ৰই লংকা-নখুটি মূল-পথৰ ওপৰত টায়াৰ জ্বলাই সম্পূৰ্ণভাৱে পথ অৱৰোধ কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে (Tense situation in Hojai) ৷ ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.