জোনাইৰ পশ্চিম চিমেন চাপৰিত বিধ্বংসী অগ্নিকাণ্ড

By

Published : Sep 22, 2022, 12:18 PM IST

thumbnail

বিধ্বস্ত হ'ল পশ্চিম চিমেন চাপৰিৰ আদৰ্শ হাইস্কুল(Massive fire at Jonai) ৷ জ্বলি ছাৰখাৰ হ'ল ৩টাকৈ শ্ৰণীকোঠা লগতে ৰান্ধনিশাল ৷ বুধবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত বৰুৱাবালি গাঁৱৰ নিবাসী দিপাঞ্জলী বৰা, তপন বৰা আৰু ৰুণজুন লাহনে বিদ্যালয়খনত জুইলগা প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাত স্থানীয় বৰুৱাবালি, দা-ধৰা মাদুৰি, আটকপুৰ আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে ততাতৈয়াকৈ বিদ্যালয়ত উপস্থিত হৈ জুই নুমোৱাৰ চেষ্টা চলায় । কিন্তু ৰাইজে জুই নুমোৱাৰ পাছতহে দুঘন্টা পলমকৈ উপস্থিত হ'ল অগ্নিনিৰ্বাপক বাহিনী ৷ ইফালে, শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি সন্দেহ কৰে ৰাইজে(Short circuit causes fire in Jonai) ৷ স্থানীয় ৰাইজে চিমেন চাপৰিত এটা অগ্নিনিৰ্বাপক আস্থান স্থাপন কৰিবলৈ দাবী জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.