পুৰণিগুদামৰ চলচলি সাৰ্বজনীন মণ্ডপত সংস্থাপিত হ'ল মাৰ্বলৰ স্থায়ী দুৰ্গা প্ৰতিমা

By

Published : Sep 29, 2022, 2:05 PM IST

Updated : Oct 1, 2022, 7:08 AM IST

thumbnail

নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি ব্ৰাহ্মণ গাঁৱত বুধবাৰে চলচলি সাৰ্বজনীন মণ্ডপত সংস্থাপিত হ'ল মাৰ্বলৰ স্থায়ী দুৰ্গা প্ৰতিমা (Chalchali Sarvajanin Mandap)৷ অন্য বছৰৰ দৰে এইবাৰে চলচলিত উলহ-মালহেৰে উদযাপিত হ’ব দুৰ্গা পূজা মহোৎসৱভাগ । ২৭ বছৰ গৰকা চলচলিৰ স্থায়ী পূজা মণ্ডপত এইবাৰ নতুনকৈ সংযোজন ঘটিল স্থায়ী প্ৰতিমা । মাৰ্বলৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল চলচলি পূজা মণ্ডপত (Marble Durga idol installed in Nagaon) ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ প্ৰচেষ্টাত এইবাৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে পূজা মণ্ডপটি । বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে বিধায়ক পুঁজিৰ পৰা স্থায়ী মণ্ডপ নিৰ্মাণৰ কাৰণে পাঁচ লাখ টকা অনুদান আগবঢ়োৱাৰ লগতে মাৰ্বলৰ মুৰ্ত্তিৰ বাবদ ব্যক্তিগত ভাৱে অৰ্থ সাহাৰ্য্য আগবঢ়াই । উল্লেখ্য যে চলচলিত যি মাৰ্বলৰ দুৰ্গা মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল এয়া কেৱল চলচলিৰেই নহয়, সমগ্ৰ অসমতে ইতিহাস প্ৰসিদ্ধ হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে সকলো ৰাইজে এইবাৰ পূজাভাগ ভালদৰে উদযাপন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে বিধায়ক জিতু গোস্বামী তথা পূজা সমিতিয়ে ।

Last Updated : Oct 1, 2022, 7:08 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.