Cattle smuggling continues in Assam: বঙাইগাঁৱৰ মানিকপুৰত উদ্ধাৰ ১৬ টাকৈ গো-ধন

By

Published : Aug 6, 2022, 10:38 AM IST

thumbnail

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে অবৈধভাৱে গৰুৰ সৰবৰাহ(Cattle smuggling continues in Assam) ৷ ইয়াৰ মাজতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত জামদহাত নিশা ১৬ টাকৈ গোধন উদ্ধাৰ কৰে আৰক্ষীয়ে(Cattle recovered in Bongaigaon) । গো-সুৰক্ষা মহা সংঘৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত এক গোপন সূত্ৰৰ পমখেদি মাণিকপুৰ থানাৰ আৰক্ষীয়ে জামদহাত গৰুকেইটা উদ্ধাৰ কৰে যদিওঁ বৰ্তমানলৈ গৰুৰ চোৰাং সৰবৰাহৰ লগত জড়িত কোনো ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল আৰক্ষী । পাছত উদ্ধাৰ হোৱা গৰু কেইটা মাণিকপুৰ থানাৰ অন্তৰ্গত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীলৈ অনা হয় । উল্লেখ্য যে গৰুকেইটা চিৰাং জিলাৰ কাজল গাঁও বজাৰৰ পৰা ক্ৰয় কৰি বঙাইগাঁও জিলাৰ বাশবাৰীৰ দিশে লৈ গৈ আছিল ৷ নি থকা অৱস্থাতে আৰক্ষীয়ে ভেটা দি গৰু কেইটা জব্দ কৰি থানালৈ লৈ আনে । অৱশ্যে আৰক্ষী অহাৰ উমান পাই গৰু এৰি সেই স্থানৰ পৰা পলায়ন কৰে সৰবৰাহকাৰী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.