দুৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ আটক এজন

By

Published : Sep 24, 2022, 9:58 PM IST

thumbnail

সমাগত দুৰ্গা পূজা (Durga Puja 2022) ৷ দুৰ্গা পূজাৰ প্ৰাকক্ষণত সোণাৰিত মাৰণাস্ত্ৰসহ আটক হৈছে এজন (Man arrested with pistol at Sonari) । আটকাধীন লোকজনৰ নাম খঞ্জন নাথ । খঞ্জন নাথৰ ঘৰ বৰপেটা জিলাৰ ফুলগুৰিত বুলি জানিব পৰা গৈছে ৷ আটকাধীন লোকজনৰ পৰা এটা চেমছাং ম’বাইল ফোন, এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন, তিনি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । উল্লেখ্য যে, অসম আৰক্ষী আৰু সেনাৰ তহলদাৰী দলে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সোণাৰি-নামতোলা পথৰ টাওকাক অঞ্চলত থকা এটা শিলৰ ক্ৰেচাৰৰ পৰা আটক কৰে লোকজনক । আলফা স্বাধীনৰ সৈতে যোগসূত্ৰ থকাৰ সন্দেহ আটকাধীন লোকজনৰ বিৰুদ্ধে । সম্প্ৰতি সোণাৰি আৰক্ষী থানাত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে আটকাধীন খঞ্জন নাথক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.