ৰঙিয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন গুৰুজনাৰ আৱিৰ্ভাৱ তিথি

By

Published : Oct 5, 2022, 5:28 PM IST

thumbnail

আজি জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৪ তম জন্মোৎসৱ (574th birth anniversary of Srimanta Sankardev) । ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ আজি ৰঙিয়াতো উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ (Mahapurush Srimanta Sankardev birth anniversary celebration) ৷ হৰিনাম ধ্বনিৰে মুখৰিত ৰঙিয়াৰ হৈ পৰিছে গুৰকুছি পশ্চিম সীতাৰা নামঘৰ । ভাগৱত পাঠ আৰু মহিলাৰ দিহানামেৰে পুৱাৰে পৰা নামঘৰত সৃষ্টি হৈছে এক ভক্তিপূৰ্ণ পৰিৱেশৰ ৷ গুৰকুছি পশ্চিম সীতাৰাৰ স্থানীয় লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছে । এই মহোৎসৱৰ লগত সংগতি ৰাখি পুৱাৰে পৰা অনুষ্ঠিত হৈছে পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ, বৃক্ষৰোপণ আৰু আই-মাতৃসকলৰ দিহানাম কাৰ্যসূচী । ইয়াৰ পিছতে এক ধৰ্মীয় শোভাযাত্ৰাও ওলোৱা পৰিলক্ষিত হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.