Durga Ashtami 2022: কিনকিনীয়া বৰষুণৰ মাজতো শিলঘাটৰ কামাখ্যা দেৱালয়ত ভক্তৰ ভিৰ

By

Published : Oct 3, 2022, 2:05 PM IST

thumbnail

আজি মহাষ্টমী (Maha Ashtami of Durga Puja 2022) ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰে ৰাজ্যজুৰি চলিছে দেৱী দূৰ্গাৰ আৰাধনা (Durga Ashtami 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমৰ 2য় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়তো অনুষ্ঠিত হৈছে দূৰ্গা পূজা (Maha Astsmi at Silghat Kamakhya Temple) ৷ শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত হৈছে শিলঘাটৰ কামাখ্যা দেৱালয় ৷ কিনকিনীয়া বৰষুণকো ভ্ৰূক্ষেপ নকৰি শিলঘাটৰ কামাখ্যা দেৱালয়ত ভক্তৰ লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অষ্টম শতিকাত শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্য পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ । মা কামাখ্যাৰ ঘোৰ উপাসক বনমালদেৱে এই মন্দিৰতে কামাখ্যা দেৱীৰ বিগ্ৰহ স্থাপন কৰিছিল । কিন্তু প্ৰাকৃতিক কাৰণত কামাখ্যা পীঠ ধ্বংস হোৱাৰ পিছত ১৭৪৫ খ্ৰীষ্টাব্দত আহোম ৰাজত্ব কালতত পীঠ পিছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে কামাখ্যা দেৱালয় (Silghat Kamakhya Temple) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.