কৰিমগঞ্জত চিনেমা কায়দাৰে আটক মাটিৰ দালালৰ এক্সক্লুছিভ লাইভ

By

Published : Sep 30, 2021, 2:26 PM IST

thumbnail

কৰিমগঞ্জত ইটিভি ভাৰতৰ কেমেৰাত বন্দী হ’ল আৰক্ষীৰ হাতৰ পৰা পলাই থকা ভূমিৰ দালালক চিনেমা কায়দাৰে আটকৰ দৃশ্য ৷ মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰ আৰু আৰক্ষী-প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰি থকা সময়ত বুধবাৰে কৰিমগঞ্জত পুনৰ এজন দালালক আটক কৰে আৰক্ষীয়ে । আটক কৰা ব্যক্তিজন কৰিমগঞ্জ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ অধিবক্তা কবিৰ আহমেদ । কৰিমগঞ্জ সদৰ আৰক্ষীয়ে কবিৰ আহমেদক ফকিৰাবজাৰ পৰা আটক কৰে । এখন গাড়ীত উঠি সূতাৰকান্দিৰ পৰা ফকিৰাবজাৰ আহি থকা অৱস্থাত আৰক্ষীয়ে আগভেটি আটক কৰে কবিৰ আহমেদক । কবিৰ আহমেদে দীৰ্ঘদিন ধৰি ভূমি দালালিত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.