ডিফুত প্ৰধানমন্ত্ৰীৰ জীৱন দৰ্শনৰ আলোকপাত

By

Published : Oct 1, 2022, 8:56 AM IST

thumbnail

যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পষেকজোৰা জন্ম বাৰ্ষিকী(PM Modi birthday) লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে পূৱ কাৰ্বি আংলং জিলা বিজেপিয়েও ডিফু লৰুলংচস্থিত ৰাংচিনাচাৰপ সাংস্কৃতিক প্ৰক্ষাগৃহত শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ জীৱন, দৃষ্টি, নীতি আৰু সাফল্যৰ ওপৰত অনুষ্ঠিত কৰে বুদ্ধিজীৱীসকলৰ এখনি বিশেষ সভা(PM life-vission-policy and achievements) । পূৱ কাৰ্বি আংলং BJP ৰ সভাপতি ধন চিং টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত কাৰ্বি আংলং বিজেপিৰ সভাপতি তথা পশ্চিম কাৰ্বি আংলং বিজেপিৰ প্ৰভাৰী পংকজ বৰবৰুৱা, কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ, জ্যেষ্ঠ সাংবাদিক লংচিং টেৰণ আৰু পূব কাৰ্বি আংলং বিজেপিৰ উপ-সভাপতি ভাস্কৰ সন্দিকৈ উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আদৰ্শ, দৃষ্টি, নীতি আৰু সাফল্যৰ ওপৰত বিতংভাৱে আলোকপাত কৰে । ইয়াৰোপৰি এই কাৰ্যসূচীত 'মোদী ২০ ড্ৰীম মীট ডেলীভাৰী' শীৰ্ষক এখন পুথিও উন্মোচন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.