কৰিমগঞ্জত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন

By

Published : Sep 18, 2022, 10:55 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্য আৰু ড্ৰাগছ বিৰোধী অভিযান (Anti drugs campaign of Assam Police)। অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিছে নিচা জাতীয় দ্ৰব্য । কিন্তু আৰক্ষীৰ তীব্ৰ তালাচীৰ মাজতো একাংশ দুষ্টচক্ৰই ভিন্ন কৌশল অৱলম্বল কৰি চলাই গৈছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ (Drugs smuggling in Assam) । এইবাৰ কৰিমগঞ্জত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন (Heroin seized from LPG cylinder) ৷ কৰিমগঞ্জ আৰক্ষীৰ অভিযানত কাবাৰিবন্দ গাঁৱৰ জামিন উদ্দিন নামৰ এজন ব্যক্তিৰ বাসগৃহৰ চোতালত থোৱা চিলিণ্ডাৰৰ ভিতৰৰ পৰা উদ্ধাৰ হয় 49 টা চাবোনৰ বাকচ ৷ বাকচকেইটাত আছিল 690 গ্ৰাম সন্দেহজনক হেৰ’ইন । জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য আনুমানিক 4.5 কৌটি টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে (Large quantity of Heroin seized in Karimganj) ৷ অৱশ্যে আৰক্ষীৰ উমান পাই জামিল আহমেদে পলাই যাবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.