আমগুৰিৰ নামতিৰ ধোদৰ আলিত দেওবাৰে নিশা উত্তপ্ত পৰিস্থিতি

By

Published : Sep 26, 2022, 8:49 AM IST

thumbnail

দেওবাৰে নিশা আমগুৰিৰ নামতিৰ ধোদৰ আলিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Amguri) । ONGC পাইপভৰ্তি ট্ৰাকে পথৰ কাষৰ বিদ্যুৎ পৰিবাহী তাঁৰ মহতিয়াই নিয়াক কেন্দ্ৰ কৰিয়েই এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Truck accident in Amguri) ৷ এই ঘটনাৰ পিছতেই অঞ্চলটোৰ অৰ্দ্ধশতাধিক লোকৰ বৈদ্যুতিক সা-সৰঞ্জাম বিনষ্ট হোৱাৰ ফলত অঞ্চলবাসীয়ে ক্ষতিপূৰণ বিচাৰি আৱদ্ধ কৰে ONGC ৰ বাহনখন ৷ নামতিৰ ধোদৰ আলিত অঞ্চলটোৰ বহু পৰিয়ালৰ ফেন, ইনভাৰ্টাৰ, মোবাইলকে ধৰি বৈদ্যুতিক সামগ্ৰী নষ্ট হোৱাৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, গুজৰাটৰ পৰা নাজিৰালৈ অ'এনজিচিৰ পাইপ কঢ়িয়াই নি থকা দুখন ট্ৰাকে সংঘটিত কৰিছিল এই ঘটনা ৷ পিছত ঘটনাস্থলীত আমগুৰি আৰু নামতি আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে বিভাগীয় কতৃপক্ষক অৱগত কৰে । লগতে আৰক্ষীয়ে বাহনদুখন জব্দ কৰি থানালৈ লৈ যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.